সমাগত নিৰ্বাচন ! সমুখ-সমৰত কংগ্ৰেছ-বিজেপি কাৰ্বি আংলঙত

কংগ্ৰেছে উন্নয়ন আৰু বিকাশৰ নামত কেৱল দুৰ্নীতি কৰিছিলঃ মঙ্গলছিং তিমুং

WhatsApp Image 2021 03 19 at 6.27.29 PM

সমাগত বিধানসভা নিৰ্বাচন ! ৰাজ্যৰ অন্যান্য সমষ্টিৰ সমান্তৰালকৈ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ আসন দখলক লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে পাহাৰীয়া জিলাখনৰ কংগ্ৰেছ-বিজেপিৰ। ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহৰ লগতে দলীয় তৎপৰতা পশ্চিম কাৰ্বি আংলঙত ।

এক কথাত ক’বলৈ গ’লে নিৰ্বাচনী জয়ৰ লক্ষ্যৰে সমুখসমৰত নামি পৰিছে এতিয়া কংগ্ৰেছ-বিজেপি পশ্চিম কাৰ্বি আংলং তথা ২০ নম্বৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আগষ্টিন ইংহিয়ে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত স্বয়ং উপস্থিত হৈ ৰাইজক বিপুল ভোটেৰে জয়যুক্ত কৰাৰ আহ্বান জনায় । বিজেপিৰ প্ৰাৰ্থী ৰূপছিং টেৰণৰ হৈ কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিৰ অন্তৰ্গত থাৰৱে-চেৰপ, লাংমিনছ, লিনচিকা, মূলকবং, ডেৰা-আৰলক, নিজ-ৰংখাং আদি কৰি বিভিন্ন স্থানত ধাৰাবাহিকভাৱে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ।

মনকৰিবলগীয়া যে, আজিও হামৰেণ সমষ্টিৰ কলঙা, বানাইবস্তি, চিটুং-লাংছত তিমুঙে বিৰোধী কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে বিজেপিৰ প্ৰাৰ্থীক ব্যাপক ব্যৱধানেৰে জয়ী কৰাই আনিবলৈ ৰাইজক আহ্বান জনায় ।

বিগত সময়ত কংগ্ৰেছে উন্নয়ন আৰু বিকাশৰ নামত কেৱল দুৰ্নীতি কৰিছিল কিন্তু বিপৰীতে বিজেপিয়ে ৰাইজক কথা দিয়া মতে কাম কৰি গৈছে । উন্নয়ন আৰু বিকাশৰ ধাৰাৰে ইতিহাস ৰচনা কৰাৰ চেষ্টা অটুট ৰাখিছে বুলি মন্তব্য কৰে মঙ্গলছিং তিমুঙে।

Exit mobile version