ৰাইজৰ কাম কৰা, ৰাইজৰ সমস্যা সমাধান কৰা শ, দুখীয়াক সহায় কৰা এইটোৱে মোৰ মূল উদ্দেশ্যঃ মনোৰঞ্জন ব্ৰহ্ম

WhatsApp Image 2021 03 19 at 7.38.27 PM

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। ইতিমধ্যে নিৰ্বাচন আয়োগে অসমত তিনিটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । ইতিমধ্যে তিনিওটা পৰ্যায়ৰ মনোনয়ন পত্র দাখিল সমাপ্ত হৈছে।

অসম বিধানসভা নির্বাচনৰ বাবে সকলো প্ৰকাৰে সাজু হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দিতা কৰা ইউপিপিএল দলৰ মনোনিত প্ৰাৰ্থী মনোৰঞ্জন ব্ৰক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, নিৰ্বাচনৰ বাবে প্ৰচাৰ পূৰ্ণগতিত চলাই যোৱাৰ লগতে ৰাইজৰ আশীৰ্বাদ আৰু পূৰ্ণ সহযোগিতা আশা কৰিছো।

প্ৰাৰ্থী ব্ৰক্ষই অঞ্চলটোৰ বাট পথ, দলঙৰ লগতে বিদ্যালয়সমূহৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰাধান্য দিয়াৰ কথা প্ৰকাশ কৰে ৷ সকলো জনগোষ্ঠীক সম-অধিকাৰ আৰু সম-উন্নয়নৰ বাবে ৰাইজৰ সেৱা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে।

প্ৰাৰ্থী ব্ৰহ্মইকয়, ‘এই সমষ্টিত মোৰ কোনো ফেক্টৰ নাই । মই ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিত বিপুল ভোটত জয় হম ইয়াত কোনো সন্দেহ নাই। ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনকামী ৰাইজে এইবাৰৰ বিধানসভা নির্বাচনত বিপিএফক কেৱল বিটিআৰৰ পৰা নহয় অসমৰ পৰাই উৎখাত কৰিব। হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ ৰাজনীতিত মানুহ অতিষ্ঠ হৈছে যাৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে এইবাৰ ইউপিপিএলক ভোট দি চৰকাৰ গঠন কৰিবলৈ দলে দলে ওলাই আহিছে ।’

Exit mobile version