ইউপিপিএল ৰাইজৰ বাবে কাম কৰা দল নহয়ঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

WhatsApp Image 2021 03 21 at 3.36.30 PM

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ ।এই ক্ষেত্রত পিছ পৰি ৰোৱা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ৩০ নং পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিৰ বিধায়িকা প্ৰমিলা ৰাণী ব্ৰহ্মই কয়, ‘যোৱা ৩০ বছৰে এইটো সমষ্টি ময়ে দখল দি আছো, মই কাৰো অন্যায় কৰা নাই বিপদে আপদে মই ৰাইজৰ লগত আছো । এইটো মোৰ চৰিত্ৰ সেয়ে ৰাইজে মোক আকৌ কাম কৰাৰ সুযোগ দিব ইয়াত কোনো সন্দেহ নাই । বিপিএফ নিজেই এটা শক্তিশালী দল । ৰাইজৰ মাজত বিপিএফ দলৰ ভেটি কোনেও হিলাব নোৱাৰে।‌ ৰাইজে ইতিমধ্যে গ’ম পাইছে যে বিপিএফৰ বাহিৰে কোনো দলে ৰাইজৰ বাবে কাম কৰা দল নহয়।’

তেওঁ লগতে কয়, ‘এইবাৰ অসমত কংগ্রেছ, এআইইউডিএফ, বিপিএফ আদিৰ মহাজোঁটৰ চৰকাৰ হ’বলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই। অসমৰ পৰা বিজেপি দলক উৎখাত কৰাৰ লগতে বিটিআৰৰ পৰা বিজেপি, ইউপিপিএল, জিএসপি আদিৰ মিত্রজোঁটৰ চৰকাৰখন উৎখাত কৰিবলৈ ৰাইজ এতিয়াও বিপিএফ দলৰ লগতে আছে। কংগ্রেছ, এআইইউডিএফৰ লগত মিত্রতা কৰাত এতিয়া আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত হৈ গ’ল।ইউপিপিএল দলে কোনো বেলেগ সম্প্ৰদায়ৰ ভোট নাপাব। যিমানে শক্তিশালী প্ৰাৰ্থী নাহক কিয় বা যিমানে ধনী ব্যক্তি নাহক কিয় আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। আমাৰ বিপিএফ দলৰ প্ৰাৰ্থীয়ে অসম বিধানসভা নির্বাচনত বিটিআৰ অঞ্চলৰ প্ৰতিটো সমষ্টিতে জয়ী হ’ব আৰু আমি দিছপুৰত চৰকাৰ গঠন কৰিম।’

শান্তিচুক্তিত থকা এনডিএফবি সদস্যসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো। বাধ্য কৰোৱা হৈছে পুনৰ জংঘললৈ ঘুৰি যোৱাৰ বাবে। বাথা জংঘললৈ যোৱাৰ বাবে যিসকলে বিপিএফক জগৰীয়া কৰিছে সেইসকলেই প্ৰকৃততে জগৰীয়া বুলি উল্লেখ কৰে প্ৰমিলা ৰানী ব্ৰহ্মই।

ইউপিপিএল চৰকাৰে দূৰ্নীতিমুক্ত চৰকাৰৰ কথা কৈ এতিয়া নিজে দূৰ্নীতিত লিপ্ত হৈছে। ইউপিপিএলৰ নেতা মন্ত্রীসকলে কমিচন লৈ কম দিনৰ ভিতৰতে সম্পত্তিৰ পাহাৰ গঢ়িলে বুলি অভিযোগ উত্থাপন কৰে ব্ৰহ্মই।
শ্রীৰামপুৰ গেটত আমাৰ চৰকাৰৰ দিনত ইমান ছিণ্ডিকেট হোৱা নাছিল যিমান ইউপিপিএল চৰকাৰৰ দিনত হৈ আছে মই নিজ চকুৰে দেখা পাইছো বুলিও দাবী কৰে ব্ৰহ্মই।

Exit mobile version