পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিত একো উন্নতি হোৱা নাইঃ লৰেঞ্চ ইছলাৰী

WhatsApp Image 2021 03 21 at 4.56.30 PM

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ। এই ক্ষেত্রত পিছ পৰি ৰোৱা নাই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ৩০ নং পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীয়ে কয়, ‘ইয়াত ৩০ বছৰ ধৰি প্ৰমিলা ৰাণী ব্ৰহ্ম বিধায়িকা আৰু মন্ত্রী হৈ আছিল ৰাইজে নিজেই দেখিছে তেওঁ কৃষি দপ্তৰৰ মন্ত্রী আছিল কিন্তু পূৱ কোকৰাঝাৰ সমষ্টিত একো উন্নতি নকৰিলে। তেওঁ বনমন্ত্রী আছিল কিন্তু তাতে বসবাস কৰা লোকসকলক একো সুবিধা প্রদান নকৰিলে । লগতে পিছ পৰা জাতি জনগোষ্ঠীৰ বাবেও একো কাম নকৰিলে । যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ইউপিপিএলক পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিত জয়যুক্ত কৰিব ।’

তেওঁ লগতে কয়, ‘আমাৰ বিটিআৰ অঞ্চলত বহুতো সমস্যা আছে। এতিয়া বহুতো স্কুল প্ৰাদেশিকিকিত হোৱা নাই লগতে বহুতো মহাবিদ্যালয় চৰকাৰী হোৱা নাই। চৰকাৰী তথ্য মতে, ১১ হেজাৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ প্ৰয়োজন আছে। কিছুমান স্কুলত এতিয়াও এজন শিক্ষকে পাঠদান চলাই আছে। বহু স্কুলত বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ অভাৱ। মই বিধায়ক হৈ আহিলে এইবোৰ ক্ষেত্রত বেছি গুৰুত্ব দিম যিহেতু মই এজন ছাত্র নেতা আছিলো ।’

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত প্ৰাৰ্থীগৰাকীয়ে কয়, ‘মই যেতিয়া এবছুত আছিলো তেতিয়া কৈছিলো যে, বৰ্তমানৰ জনজাতিকৰণ থকা জনগোষ্ঠীৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ তথা কোচৰাজবংশীৰ জনজাতিকৰণ কৰিলে আমাৰ একো আপত্তি নাই আৰু মই এতিয়াও এই স্থিতিতেই অটল আছো ।’

ডি ভোটাৰৰ ক্ষেত্রত তেওঁ ইছলাৰীয়ে কয়, আমাৰ দলে বেংগলীসকলৰ ডি ভোটাৰ লগতে এনআৰচিৰ সমস্যা আছে এই ক্ষেত্ৰত সদায় মাত মাতি যাব। হাগ্ৰামা মহিলাৰীয়ে আৰু কেতিয়াও বিটিআৰত চৰকাৰ গঠন কৰিব নোৱাৰে।’

তেওঁ নিজৰ দলৰ কৰ্মীসকলক ধৰি ৰাখিবলৈ বাৰে বাৰে কৈ আছে যে, অসম বিধানসভা নির্বাচনৰ পাছত বিটিআৰত বিপিএফৰ চৰকাৰ হ’ব, এই বুলি কটাক্ষ কৰে লৰেঞ্চ ইছলাৰীয়ে।

Exit mobile version