বোকাখাতত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী সভা

0.52217700 1616229227 pm modis speech at public meeting in karimganj assam

কমাৰগাঁৱৰ মহুৱা খেলপথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা । ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অসমত দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ নিশ্চিত । যি আশাৰে বিজেপি চৰকাৰ আনিছিল সেই আশা পূৰণৰ চেষ্টা ।

তেওঁ লগতে কয়, কংগ্ৰেছৰ দিনত বহুত গঁড় হত‌্যা হৈছিল । বিজেপিয়ে অসমৰ আন্তঃগাথঁনিৰ কাম কৰিছে । অসমৰ নদীপথ ৰাষ্ট্ৰীয় জলমাৰ্গ হ’ব । সমগ্ৰ অসমত গেছ পাইপ লাইনৰ কাম চলি আছে ।

কংগ্ৰেছ দলক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কংগ্ৰেছ মানে লুণ্ঠনৰ প্ৰত্যাভূতি । বিজেপি মানে উন্নয়নৰ প্ৰত্যাভূতি । পূৰ্বতে চাকৰিৰ বাবে টকা দিব লাগিছিল । বিজেপিয়ে উৎকোচ নোহোৱাকৈয়ে চাকৰি দি আছে ।’

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজক অসমীয়াতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি নিজৰ ভাষণ সামৰণি মাৰে ।

Exit mobile version