৮৩০ টকাৰ প্ৰলোভনত স্বাভিমানী অসমীয়াই বিবেক বিক্ৰী নকৰে

নামৰূপৰ নিৰ্বাচনী সভাত লুৰীণজ্যোতি গগৈ

1

“এইবাৰ নিৰ্বাচনত স্বাভিমানী ৰাইজে পাঁচ কেজি বিনামূলীয়া চাউল আৰু
৮৩০ টকাৰ প্ৰলোভনেৰে নিজৰ বিবেক বিক্ৰী নকৰে ৷” এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি
লুৰীনজ্যোতি গগৈৰ ৷ আজি সাৰনগৰী নামৰূপৰ ৰাজহুৱা খেলপথাৰত অনুস্থিত এক জনসভাত অংশগ্ৰহন কৰি
নেতাজনে শাসক পক্ষ বিজেপি আৰু কংগ্ৰেছক সমালোচনাৰ কৰাৰ লগতে অসম জাতীয় পৰিষদৰ দৃষ্টি পত্ৰৰ
বিষয়ে সবিস্তাৰে বক্তব্য আগবঢ়াই ৷ ১২০ নং নাহৰকটীয়া সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লুৰীনজ্যোতি গগৈয়ে ভাষন
প্ৰসংগত নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোটকলৈ  বিজেপি চৰকাৰে কৰি অহা দীৰ্ঘদিনৰ প্ৰহসনৰ বিষয়ে উল্লেখ
কৰি অতিসম্প্ৰতি সাৰকাৰখানাৰ দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে ঘোষনা কৰা ১০০ কোটি আজি
পৰ্যন্ত কাৰ্যকাৰী নোহোৱাৰ বিষয়ে তীব্ৰ সমালোচনা কৰে ৷ গগৈয়ে তেওঁৰ বক্তব্যত অসম জাতীয় পৰিষদে
চৰকাৰ গঠন কৰিলে সাৰকাৰখানাৰ চতুৰ্থ গোটৰ নিৰ্মাণৰ বিষয়টো অগ্ৰাধিকাৰ দিব বুলি কয় ৷ ইয়াৰ উপৰিও
ইউনিভাৰচেল বেচিক ইনকম ৰ সন্দৰ্ভত বিষদ ভাৱে পৰিকল্পনাৰ কথা অৱগত কৰাৰ উপৰিও মাইক্ৰফাইনেঞ্চ
লোন মাফ কৰিব বুলি বিজেপি চৰকাৰে মহিলা সকলক প্ৰদান কৰা মিথ্যা প্ৰতিশ্ৰুতিক কঠোৰ সমালোচনা কৰে ৷
আজিৰ সভাখনত তিনি  সহস্ৰাধিক লোক উপস্থিত থাকে ৷

Exit mobile version