টেংনাৰ ভিটাত এক কুৰিৰো অধিক লোকৰ বিপিএফত যোগদান

প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্মই ফুলাম গামোচাৰে আদৰণি জনায়

WhatsApp Image 2021 03 22 at 8.26.30 AM 1

অসম বিধানসভাৰ কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অধীনস্থ ৩নং টেংনাৰ ভিটা গাঁৱত বিপিএফ দলৰ এক সভা অনুষ্ঠিত হয় । উক্ত সভাত এক কুৰিৰো অধিক লোক বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰে ।

টেংনাৰ ভিটা গাঁৱত অনুষ্ঠিত যোগদান সভাখনত উপস্থিত থাকে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্ম, কংগ্ৰেছ দলৰ কোকৰাঝাৰ জিলা সম্পাদক খাইৰুল জামান, তুলসীবিল ভিচিডিচিৰ প্ৰাক্তন চেয়াৰমেন আকতাৰাভানু, বিপিএফৰ সংখ্যালঘু কোষৰ উপ-সভাপতি আবুবক্কাৰ ছিদ্দিক আদিৰ লগতে তুলসীবিল প্ৰাইমাৰীৰ দেৱা ব্ৰহ্ম আদি ।

নতুনকৈ যোগদান কৰাসকলক ফুলাম গামোচাৰে আদৰণি জনাই প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্মই ভাষণ প্ৰসংগত কয় যে, এইবেলি বিপিএফ দলো মহাযোটৰ সদস্যদল বিপিএফ দলৰ নাঙলৰ ছবিক ভোট দিয়া মানে কংগ্ৰেছ , এআইইউডিএফ আদি দলক ভোট দিয়া হ’ব । সেয়ে এইবেলি আপোনালোকে নাঙলক ভোট প্ৰদান কৰিব বুলি কোৱাৰ লগতে বিজেপি, ইউপিপিএল, অগপ আদি দলক খুৰধাৰ সমালোচনা কৰে ।

ইপিনে, কংগ্ৰেছ দলৰ খাইৰুল জামানেও ভাষণ প্ৰসংগত কয় যে, বিজেপি এক সাম্প্ৰদায়িক দল এইদলে সকলো সময়তে হিন্দু মুছলিমৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে । গতিকে এইবেলি বিজেপিক উৎখাত কৰিব লাগিব ।

Exit mobile version