ছাত্ৰসন্থাৰ মধ্য বিজনী শাখা সমিতি গঠন

WhatsApp Image 2021 03 23 at 5.57.44 PM

বাগ্‌সাৰ গাতি আঞ্চলিক ছাত্ৰসন্থাৰ উদ্যোগত বৃহত্তৰ মধ্য বিজনী অঞ্চলক সামৰি ২২ মাৰ্চত নতুনকৈ মধ্য বিজনী শাখা ছাত্ৰসন্থা গঠন কৰা হয় ৷ এই উদ্দেশ্যে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে গাতি আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি হৰিনাৰায়ন দাসে ৷ সভাত উদেশ্য ব্যাখ্যা কৰে বাগ্‌সা জিলা ছাত্ৰসন্থাৰ সাংগঠনিক সম্পাদক জুবিন দাসে ৷

সভাত সদৌ অসম ছাত্ৰসন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰে বাগ্‌সা জিলা ছাত্ৰসন্থাৰ উপ-সভাপতি প্ৰাঞ্জল ডেকাই ৷ সভাত উপস্থিত থাকে গাতি আঞ্চলিক ছাত্ৰসন্থাৰ সম্পাদক প্ৰনৱ জ্যোতি দাস, বিত্ত সম্পাদক ৰূপম দাস, মানাহ আঞ্চলিক ছাত্ৰসন্থাৰ সভাপতি জ্যৌতিষ তাঁতী ৷

উক্ত সভাত সমীৰণ দাসক সভাপতি, ৰিংকুল ডেকাক উপ-সভাপতি, অমৰ কলিতাক সম্পাদক, মানৱজ্যোতি দাসক সহকাৰী সম্পাদক, টিংকুল ডেকাক শিক্ষা সম্পাদক আৰু অনুপ কলিতাক প্ৰচাৰ সম্পাদক হিচাপে লৈ মুঠ ২১ জনীয়া ছাত্ৰসন্থাৰ মধ্য বিজনী শাখা সমিতিখন গঠন কৰা হয় ৷

Exit mobile version