নিষেধাজ্ঞা জাৰি কৰা হ’ব নেকি ফাকু খেলাত ?

Holi Colour credit Bartosz HadyniakiStock www.istockphoto.comgbphotogroup of indian children playing holi in rajasthan india gm626958974 11092573

তলাবন্ধৰ বৰ্ষপূৰ্তিৰ সমময়তে পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । সেয়ে দোল যাত্ৰা আৰু ফাকু খেলাত নিষেধাজ্ঞা জাৰি কৰাৰ বিষয়ে ভাবিবলৈ বাধ্য হৈছে চৰকাৰ । স্বাস্থ্যকৰ্মীসকলে মত পোষণ কৰে যে, যিদৰে মাস্ক পৰিধান বা পাৰস্পৰিক দূৰত্ব অটুট ৰখা আদি কৰ’না বিধি উলংঘা কৰা হৈছে এইসমূহ ভয়ংকৰ কাৰক হ’ব পাৰে কৰ’নাৰ দ্বিতীয় ঢৌৰ । সেয়ে দেশজুৰি তলাবন্ধ নহ’লেও স্থানীয়ভাৱে গতিবিধি নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা আছে ।

গতিকে এইটো স্পষ্ট যে, দেশবাসীয়ে যদি পুনৰ তলাবন্ধ নিবিচাৰে কৰ’না বিধি অনুসৰণ কৰিব লাগিব । নিৰ্বাচনমুখী পাঁচখন ৰাজ্যত সকলো দলৰ প্ৰচাৰৰ বাবে যি হাৰত লোক গোটখাইছে এই পৰিস্থিতিৰ বাবে দলসমূহো প্ৰশ্নৰ সন্মুখীন হৈছে ।

বিগত বৰ্ষত তলাবন্ধ আৰম্ভ হোৱাৰ সময়ত দৈনিক সংক্ৰমিতৰ সংখ্যা আছিল শৰ ভিতৰত । সম্প্ৰতি ২৪ ঘণ্টাত সংক্ৰমণ বৃদ্ধি পাইছে ৪৬,৯৫১ লৈ । প্ৰতিদিনে সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে পুনৰ তলাবন্ধৰ আহ্বান জনোৱা হৈছে সামাজিক মাধ্যমত । আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ’ব ।

সূত্ৰ অনুসৰি, অৰ্থনীতি পুনৰ কিছু পৰিমাণে সৱল হৈছেহে । এই পৰিস্থিতিত পুনৰ তলাবন্ধ জাৰি কৰিলে, অৰ্থনীতি সৱল কৰা অসম্ভৱ হৈ পৰিব । সেয়ে সম্পূৰ্ণ তলাবন্ধ জাৰি কৰাৰ সম্ভৱনা কম । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সংক্ৰমণ বৃদ্ধি পোৱা অঞ্চলসমূহত স্থানীয় পৰ্যায়ৰ তলাবন্ধ জাৰি কৰিব লাগে বুলি মত প্ৰকাশ কৰে স্বাস্থ্যৰ্মীসকলে ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশৰ ৮৪.৯ শতাংশ আক্ৰান্তই ছয় ৰাজ্যৰ (মহাৰাষ্ট্ৰ, পঞ্জাৱ, কেৰালা, গুজৰাট আৰু মধ্যপ্ৰদেশ) । সৰ্বাধিক মহাৰাষ্ট্ৰতেই । মহাৰাষ্ট্ৰত সংক্ৰমণৰ সংখ্যা ৩,৩৫৩ জন । মুঠ ৬৫ শতাংশ । ইতিমধ্যে ৯৯ জন লোকে প্ৰাণ হেৰুৱাইছে ।

পুনে পৌৰসভাৰ চিকিৎসালয় পুনৰ আৰম্ভ কৰা হৈছে । চিকিৎসালয়ত বিচনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে । সংক্ৰমণত দ্বিতীয় স্থানত আছে পঞ্জাৱ (২,৬৪৪) আৰু তৃতীয় স্থানত আছে কেৰালা (১,৮৭৫) । কৰ্ণাটকতো বিগত ২৪ ঘণ্টাত ১০ জন ক’ভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে ।

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বিষয়েও সৰৱ হৈছে স্বাস্থ্যকৰ্মীসকল । নিৰ্বাচনী সভাত জনসমাগম ঘটাৰ ফলত ৰাজ্যসমূহত সংক্ৰমণৰ ঢৌ প্ৰবল হ’ব বুলি নিশ্চিত স্বাস্থ্য মন্ত্ৰণালয় । মন্ত্ৰণালয়ে হুংকাৰ দিছে যে, কৰ’না বিধি নামানিলে পৰিস্থিতি ভয়ংকৰ হ’ব পাৰে । এই ৰাজ্যসমূহত কৰ’না বিধি নামানাৰ বাবে প্ৰশ্নৰ সন্মুখীন হৈছে প্ৰশাসন । ৰাজনৈতিক দলসমূহৰ গা-এৰা দিয়া স্বভাৱক একাধিকবাৰ অসন্তোষ প্ৰকাশ কৰিছে স্বাস্থ্যকৰ্মীসকলে ।

Exit mobile version