প্ৰতিশ্ৰুতিৰ বন্যা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, বৈঠালাংছ’ সমষ্টিত বিজেপিৰ শক্তি প্ৰদৰ্শন

খেৰণিত বিজেপিৰ বিশাল জনসভা, পাঁচ শতাধিক জনতাই পিন্ধিলে গেৰুৱা বসন

WhatsApp Image 2021 03 26 at 7.01.31 PM

বিজেপি চৰকাৰ আহিলে সৰ্বপ্ৰথমে প্ৰত্যেক মহিলাকে অৰুণোদয় আঁচনি দিয়া হ’ব। ৮,৩০ টকাৰ পৰিৱৰ্তে নিৰ্বাচনৰ পাছত প্ৰতিমাহে তিনি হেজাৰ টকাকৈ দিয়া হ’ব। লগতে মহিলাসকলে বিভিন্ন ব্যক্তিগত তথা ক্ষুদ্ৰ বেংকৰ পৰা লোৱা ঋণ ঘূৰাই দিব নালাগে, চৰকাৰে সেই ঋণ পৰিশোধ কৰাৰ দায়ত্ব লৈছে। বিশেষকৈ কাৰ্বি আংলঙৰ ছাত্ৰীসকলৰ মাজত উচ্চতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’লেও স্কুটি প্ৰদান কৰিব । অনাগত দিনত পশ্চিম কাৰ্বি আংলঙত তিনি হেজাৰ চাকৰিৰ পদ উলাব আৰু বিনামূল্যে প্ৰদান কৰা হ’ব। চাকৰিৰ নিযুক্তি পত্ৰ ল’বলৈ যাওঁতে এক টকাও দিব নালাগে বৰঞ্চ নিযুক্তি পত্ৰ ল’বলৈ যাওঁতে আমিয়েই মিঠাই খুৱাই পঠিয়াম বুলি ভাষণত কয় বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এনেদৰে বিভিন্ন আঁচনিৰ প্ৰদানৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই মন্ত্ৰী ডঃ শৰ্মাই । লগতে কাৰ্বি আংলঙত এখন এয়াৰপ’ৰ্ট নিৰ্মাণৰ কথাও উল্লেখ কৰি এশ শতাংশৰে এই কাম কৰিব বুলি উল্লেখ কৰি তাৰ বাবে মাটিও চাই থৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

কাৰ্বি আংলঙৰ বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰখনত ধাৰা ২৪৪(এ)ত এই তথ্য উল্লেখ কৰিছে যদিও মন্ত্ৰী শৰ্মাই নিজৰ মুখৰে প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত একোৱে মন্ত্যব নকৰিলে ।

কাৰ্বি আংলঙৰ ল’ৰা-ছোৱালীসলে গুৱাহাটীলৈ পঢ়িব গ’লে বৰ কষ্ট হয় সেয়ে কাৰ্বি অংলঙত এখন বিশ্ববিদ্যালয় স্থাপন কৰিব বুলি ঘোষণা কৰাৰ লগতে দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ পৰা খেৰণি চাৰি-আলিৰ পৰা লামচাখাং লৈকে যোৱা গৰকাপ্তানী পথটোও নিৰ্মাণৰ বাবে ৭০ কোটি টকা ইতিমধ্যে ধাৰ্য কৰা বুলি জানিবলৈ দিয়ে। নিৰ্বাচন শেষ হোৱাৰ লগে লগেই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি ভাষণ প্ৰসংগত কয় মন্ত্ৰীগৰাকীয়ে ।
উল্লেখযোগ্য নিৰ্বাচনৰ দিন যিমানে ওচৰ চাপিছে সিমানে ৰাজনৈতিক বতাহ গৰম হ’ব ধৰিছে। বিভিন্ন ৰাজনীতি দলৰ কাৰ্যকৰ্তাসকলে এটা দলৰ পৰা আন এটা দলত ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা পৰিলক্ষিত হৈছে । খেৰণিত অনুষ্ঠিত কৰা বিজেপিৰ জনসভাত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলেও আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে ।

উক্ত সভাত বিজেপি মনোনীত প্ৰাৰ্থী ৰূপছিং টেৰণে নিজৰ ভাষণত কয় যে, ৰাইজৰ বিভিন্ন সমস্যা কেৱল বিজেপি দলেহে সমাধান কৰিব পাৰিব । সেয়ে বিজেপি দলত ভোট দি বিপুল ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় টেৰণে।

Exit mobile version