শালবাৰীৰ গামাৰিগুৰিত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত আঠটাকৈ পৰিয়ালৰ বাসগৃহ

লাখ লাখ টকাৰ সম্পত্তি, বহু লাগতিয়াল নথিপত্ৰ অগ্নিদগ্ধ

বাগ্‌সাৰ শালবাৰীৰ গামাৰিগুৰিত আজি আবেলি সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত আঠটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণভাৱে জ্বলি ছাই হৈ যায় ৷ গামাৰিগুৰি গাঁৱৰ এটা পৰিয়ালৰ বিদ্যুৎ মিটাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাত ওচৰ চুবুৰীয়া লোকে পানী, বালি আদিৰে জুই নুমুৱাবলৈ চেষ্টা কৰিও অসফল হয় । পৰৱৰ্তী সময়ত বৰপেটা ৰোডৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও কোনো সামগ্ৰী ৰক্ষা কৰিবলৈ সক্ষম নহ’ল ৷

ADVERTISEMENT

অগ্নিকাণ্ডৰ ফলত আঠটাকৈ পৰিয়ালৰ লাখ লাখ টকাৰ সা সম্পত্তি ধ্বংস হোৱাৰ লগতে বহু লাগতিয়াল নথিপত্ৰ জুইত জাহ যায় ৷ এই ঘটনাত দিন হাজিৰা কৰি পৰিয়াল চলোৱা পৰিয়ালবোৰৰ এতিয়া জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷ কেমেৰাৰ সমুখত হুকহুকাই কান্দি পৰিয়ালৰ লোকসকলে কৈ গ’ল, ‘আমাৰ সকলো শেষ হৈ গ’ল ৷’

অগ্নিকাণ্ডৰ ফলত গাঁওখনৰ ৰবি আলী, বানিছ খা, ইছমাইল হুছেইন, কাদেৰ আলী, মফিজ উদ্দিন, চুলতান খা, ভিক্কু আলী আদি লোকসকলৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷

Exit mobile version