কাচুকাটা আৰু মোৱামাৰীত ইউপিপিএল দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় উদ্বোধন

WhatsApp Image 2021 03 27 at 5.36.38 PM

অসম বিধানসভা কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অন্তৰ্গত মিলন বাজাৰ প্ৰাইমাৰীৰ অধীনস্থ ইউপিপিএল দলে আজি মোৱামাৰী আৰু কাচুকাটা গাঁৱত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়ৰ উদ্বোধন কৰে ।

ADVERTISEMENT

উক্ত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন এমচিএলএ জ্যোতিৰইন্দ্ৰ ব্ৰহ্ম, মাজেন্দ্ৰ ব্ৰহ্ম, ৰিপেশ্বৰ ব্ৰহ্ম, আমিনুৰ জামান , ছাত্তাৰ আলীআকন্দ আদিয়ে ।

ইপিনে, উক্ত প্ৰাইমাৰীৰ অধিনতে কাচুকাটা গাঁৱতো এক নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়ৰ উদ্বোধনী কৰে । উক্ত অনুষ্ঠানত ইউপিপিএল দলৰ সংখ্যালঘু কোষৰ মনছেৰ আলী , মিলন বাজাৰ প্ৰাইমাৰীৰ সভাপতি অনিল বৰ্মন আদিকে ধৰি বহু নেতা, কৰ্মী উপস্থিত থাকি ইউপিপিএল দলৰ ট্ৰেক্টৰৰ ছবিত ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ।

Exit mobile version