বৈঠালাংছ’ সমষ্টিত বিজেপিয়ে বিপুল ভোটেৰে জয়লাভ কৰিবঃ মঙ্গলছিং তিমুং

জেংখাত বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক যুটীয়া সভা

WhatsApp Image 2021 03 27 at 6.37.09 PM

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ব্যাপকভাৱে বৃদ্ধি পাইছে বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা। এক এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিৰ অন্তৰ্গত জেংখাত আজি হামৰেণ বিজেপি মণ্ডল কমিটিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় হামৰেণ বিজেপিৰ এখন যুটীয়াবৰ্ধিত সভা।

সভাত উপস্থিত থকা শতাধিক হামৰেণ বিজেপিৰ নেতা আৰু সক্রিয় কৰ্মী, হামৰেণ মণ্ডল কমিটিৰ বিষয়ববীয়া, চাৰিটাকৈ বিজেপি শক্তি কেন্দ্ৰৰ বিষয়ববীয়া, পাঁচটাকৈ বিজেপি মৰ্চাৰ বিষয়ববীয়া আৰু উক্ত সমষ্টিটোৰ অন্তৰ্গত থকা ২১ খনকৈ বিজেপি স্থানীয় সমিতিৰ সভাপতি-সম্পাদকক সম্বোধন কৰি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলোকে মাৰ বান্ধি সাজু হ’বলৈ আৰু বৈঠালাংছ’ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত কৰিবলৈ আহ্বান জনায়।

লগতে কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোট লাভ কৰি জয়ী হব বুলি দাবী কৰাৰ বিপৰীতে পৰিষদীয় হামৰেণ সমষ্টিত থকা ২০ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত কোনখন ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা কিমান ভোট বিজেপিয়ে লাভ কৰিব সেই সন্দৰ্ভত তন্ন তন্নকৈ বিশ্লেষণ কৰে এই সভাৰ মজিয়াত। বিশ্লেষণৰ অন্তত উক্ত সমষ্টিত বিৰোধী দল একেবাৰে দুৰ্বল বুলি মন্তব্য কৰে তিমুঙে। সেয়ে বিধানসভা নিৰ্বাচনত পাৰিষদীয় হামৰেণ সমষ্টিত ৰাইজৰ সহায় সহযোগিতা আৰু বিপুল সহাৰিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দৃঢ়তাৰে কয় তিমুঙে।

বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিৰোধীৰ অপপ্ৰচাৰ আৰু অভিসন্ধিয়ে বিজেপিৰ একো বিনষ্ট অথবা আঘাত হানিব নোৱাৰে বুলিও মন্তব্য কৰে তিমুঙে। উল্লেখযোগ্য যে আয়োজিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ বিপৰীতে হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেনছিং তিচ্ছ, হামৰেণ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মোহন ৰংফাৰ, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ সমবায় সমিতিৰ অধ্যক্ষ জয়ছিং ইংতি, হাৰলঙচৰা সমবায় সমিতিৰ অধ্যক্ষ পিটৰ তিমুং, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, সম্পাদিকা প্ৰিয়া ইংহিপি, বিজেপি নেতা লংছিং ৰংফাৰ, চৱীয় বে, মংগল বে, বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচঙ ৰংহাং উপস্থিত থাকে।

Exit mobile version