ভোটগ্ৰহণ আৰু ভোটগণনা উপলক্ষে ধুবুৰীত ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ

16082840975fdc77c1171da

ধুবুৰী জিলাত তৃতীয় পৰ্যায়ত অৰ্থাৎ ছয় এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ‘ড্ৰাই ডে’ ঘোষণা কৰিছে ধুবুৰী জিলা দণ্ডাধীশ দেৱ কুমাৰ কলিতাই ৷ সেই অনুসৰি চাৰি এপ্ৰিলৰ সন্ধিয়া ছয় বজাৰ পৰা ছয় এপ্ৰিলৰ সন্ধিয়া ছয় বজালৈ সমগ্ৰ ধুবুৰী জিলাত ‘ড্ৰাই ডে’ বাহাল থাকিব ৷

ADVERTISEMENT

ইপিনে, ভোটগণনাৰ দিনা অৰ্থাৎ দুই মে’ত ভোটগণনাৰ প্ৰক্ৰিয়া অন্ত নপৰা পৰ্যন্ত ‘ড্ৰাই ডে’ অব্যাহত থাকিব ৷ এই সন্দৰ্ভত জাৰি কৰা এটা নিৰ্দেশত কোৱা হয় যে, ‘ড্ৰাই ডে’ত সকলোধৰণৰ বণ্ডেড ৱেৰহাইছ, বিলাতী সুৰাৰ বিপনী, দেশীয় সুৰাৰ বিপনী আদি বন্ধ ৰাখিব লাগিব৷ এই নিৰ্দেশ অমান্য কৰোতাক অসম আৱকাৰী আইন আৰু বিধি মতে শাস্তি বিহা হ’ব ৷

Exit mobile version