গোসাঁইগাঁৱত ভূমিপুত্ৰ চাওঁতাল জনগোষ্ঠীৰ তিনিদিনীয়া কাৰ্য্যসূচীৰে জাতীয় উৎসৱ বাহা পৰৱ পালন

WhatsApp Image 2021 03 29 at 8.12.45 AM

অসমত থকা ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অন্যতম চাওঁতালসকলৰ জাতীয় উৎসৱ আন আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ বাশবাৰী গাঁৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে উলহ মালহেৰে পালন কৰা হয়। শনিবাৰৰ পৰা আৰম্ভ হৈছে চাওঁতালসকলৰ জাতীয় উৎসৱ বাহা পৰৱ।

প্ৰথম দিনা অৰ্থাৎ জাহেৰ দাব আৰু দ্বিতীয় দিনা গছৰ গুৰি জাহেৰ থানত শাল গছৰ ফুলেৰে পূজা-পাৰ্বন কৰে। আজি অন্ত পৰিব এই উৎসৱৰ । অসমৰ থলুৱা জনগোষ্ঠীৰ ভিতৰত এওঁলোকৰ ৰীতি-নীতি সম্পূৰ্ণ পৃথক ।

জনগোষ্ঠীটোৱে কোনো মন্দিৰ বা দেৱতাক পূজা নকৰে এওঁলোকে প্ৰকৃতিৰ ওপৰত বিশ্বাস কৰে সেয়ে প্ৰকৃতিকে পূজা-আৰ্চনা কৰে ।‌ সংবাদ মাধ্যমৰ আগত পৰিমল মিত্ৰই কয়, অন্য জনগোষ্ঠীতকৈ চাওঁতালসকলৰ সংস্কৃতি আটাইতকৈ চহকী । জনগোষ্ঠীটোৱে ৰং সনাৰ পৰিৱৰ্তে পানীৰ স’তে ধেমালী কৰে ।

Exit mobile version