বজালীত প্ৰাৰ্থীৰ ব্যয়ৰ খতিয়ান ল’লে পৰ্যৱেক্ষকে

106311661 expander index 03

বজালী জিলাৰ ভৱানীপুৰ আৰু পাটাছাৰকুছি সমষ্টিৰ যিসকল প্ৰাৰ্থীয়ে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকৰ নিৰ্বাচনকেন্দ্ৰিক ব্যয়ৰ খতিয়ান সমষ্টি দুটাৰ ব্যয় পৰ্যবেক্ষকে পৰীক্ষা কৰে । উল্লেখিত দুয়োটা সমষ্টিৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিযুক্ত কৰা ব্যয় পৰ্যৱেক্ষক চিত্তৰঞ্জন ঢংগদা মাঝিয়ে প্ৰাৰ্থীসকলে দাখিল কৰা খৰচৰ হিচাপ আৰু তহবিল পৰীক্ষা কৰে ।

ADVERTISEMENT

ইফালে দণ্ডাধীশ প্ৰাঞ্জল প্ৰতীম কোঁৱৰে জনোৱা অনুসৰি, নিৰ্বাচনত ধনবল আৰু সুৰাৰ অপব্যৱহাৰ ৰোধ কৰাৰ বাবে বজালী জিলা প্ৰশাসনে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে । বজালী জিলাৰ ভিন্ন প্ৰান্তত ইতিমধ্যে স্থিৰ নিৰীক্ষণ দলে তালাচী চলাই পাটাছাৰকুছি সমষ্টিত নগদ ধন তিনি লাখ ২২ হেজাৰ ৮০ টকা জব্দ কৰাৰ উপৰিও আৰক্ষী আৰু আবকাৰীৰ অভিযানত বিলাতী আৰু দেশীয় সুৰাও জব্দ কৰা হয় ।

ভৱানীপুৰ সমষ্টিত স্থিৰ নিৰীক্ষণকাৰী দলে নগদ এক লাখ ১০ হেজাৰ টকা জব্দ কৰাৰ লগতে আবকাৰী আৰক্ষীৰ যৌথ অভিযানত বিলাতী আৰু দেশীয় সুৰাও জব্দ কৰা হয়।

কালি বজালী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেণ্টসকলৰ স’তে পৰ্যৱেক্ষক মাঝি আৰু সাধাৰণ পৰ্যৱেক্ষক এছ গণেশে এক অলোচনাত মিলিত হয় । পৰ্যৱেক্ষকদ্বয়ৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত জিলা নিৰ্বাচনী বিষয়া হেমাশ্ৰী খনিকৰে সকলোকে আদৰণি জনায় ।

উল্লেখ্য যে পৰ্যৱেক্ষকদ্বয়ে প্ৰাৰ্থীসকলক হিচাপ-নিকাচ শৃঙ্খলাপূৰ্ণভাৱে ৰাখিবলৈ আহ্বান জনায় । আনহাতে, ক’ভিড বিধি মানি চলিবলৈও পৰ্যৱেক্ষকদ্বয়ে প্ৰাৰ্থীসকলক নিৰ্দেশনা দিয়ে ।

Exit mobile version