গৃষ্মকালত কেনেকৈ নিজকে হাইড্ৰেট কৰি ৰাখিব

●গৃষ্মকালত নিজকে হাইড্ৰেট কৰি ৰাখিবলৈ অত্যধিক মাত্ৰাত পানী খাব লাগে ।
●শৰীৰৰ পৰা ওলোৱা ঘামে শৰীৰ  শীতল কৰে । যিমান বেছি ঘামিব সিমানেই তৰল পদাৰ্থ গ্ৰহণ কৰা উচিত ।


● বৃদ্ধ আৰু হৃদৰোগৰ সমস্যা থকা লোকসকলক অন্যৰ তুলনাত অধিক পানীৰ প্ৰয়োজন ।

● প্ৰস্ৰাৱৰ দ্বাৰা শৰীৰত কিমান পানীৰ প্ৰয়োজন অনুমান কৰিব পাৰি । সাধাৰণতে প্ৰস্ৰাৱৰ বৰণ পাতল হালধীয়া বা পৰিষ্কাৰ হ’ব লাগে, প্ৰস্ৰাৱৰ বৰণ ডাঠ হলে অধিক পানী খাব লাগে ।

● মদ্যপান কৰিব নালাগে । মাদক দ্ৰব্য সেৱনে শৰীৰ অধিক ডিহাইড্ৰেট কৰে ।

● কেফিনযুক্ত খাদ্য যেনে কফিয়ে শৰীৰৰ ডিহাইড্ৰেছনৰ মাত্ৰা বৃদ্ধি কৰে ।
● ব্যায়াম সুস্থ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় । কিন্তু গৃষ্মকালত শীতল সময়ত বা ঘৰৰ ভিতৰতে ব্যায়াম কৰা উচিত ।

Exit mobile version