পশুৰ আশ্ৰয়স্থল নিৰ্মাণৰ বাবে তৎপৰ কোহলি

967583 viratkohli anushkasharma1

বিৰাট কোহলি আৰু অনুষ্কা শৰ্মা যে পশুপ্ৰেমী সেয়া সকলোৰে জ্ঞাত । বহুবাৰ তেওঁলোকক পশুক লৈ আবেগ‌ প্ৰবণ হোৱাও পৰিলক্ষিত হৈছে । এইবাৰ পশুৰ বাবে দুখন আশ্ৰয়স্থল নিৰ্মাণ কৰিলে তাৰকা দম্পত্তীহালে ।

আজি বিশ্ব পশুপ্ৰেমী দিৱসৰ দিনাই মুম্বাইৰ পৰা কেই কিলোমিটাৰমান দূৰত্বত এখন আশ্ৰয়স্থল নিৰ্মাণ কৰিলে কোহলি ফাউণ্ডেশ্যনে । এই কাৰ্যত তেওঁৰ স’তে পত্নীসহ কে’বাটাও স্বেচ্ছাসেৱী সংস্থাও জড়িত হৈ থাকে । মুম্বাইৰ মালাড আৰু বৈছাৰ অঞ্চলত দুখন আশ্ৰয়স্থল নিৰ্মাণ কৰা হৈছে ।

বিৰাটে তেওঁৰ স্বপ্নৰ প্ৰকল্পৰ বিষয়ে কয়, ‘মই আৰু অনুষ্কাই বহুদিনৰ পৰাই এই কাৰ্যত লিপ্ত হৈ আছিলো । বিশেষকৈ অনুষ্কাৰ বাবেই মোৰ পশু প্ৰেম বৃদ্ধি পাইছে । তেওঁৰ স’তে পৰিচয় হোৱাৰ পাছৰ পৰাই পশু প্ৰেম আৰু সুৰক্ষা তথা তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সৰৱ হৈছো । সেয়ে এই প্ৰকল্পত জড়িত হৈ ভাল লাগিছে ।’

Exit mobile version