পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ অধিন শান্তিপাৰা গাওঁত প্ৰাক্ নিৰ্বাচনী হিংসা

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্র কেইটামান ঘন্টা বাকী থকাৰ সময়তে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ অধীন শান্তিপাৰা গাঁৱত প্ৰাক্ নিৰ্বাচনী হিংসা সংঘটিত হয়। ইউপিপিএল দলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মক ভোট প্ৰদান নকৰিলে গুলিয়াই মৰাৰ ভাবুকি মনোৰঞ্জন ব্ৰহ্মৰ ভেৰোণীয়া গুণ্ডাৰ।

গাওঁবাসীয়ে অভিযোগ কৰা মতে, ইউপিপিএল দলে উক্ত গাঁওখনত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ পাছত ৰাইজক ২৬ হেজাৰ টকা দিয়ে আৰু সভা শেষ কৰি যোৱাৰ সময়ত মনোৰঞ্জন ব্ৰহ্মৰ ভেৰোণীয়া গুণ্ডাৰ এটা দলে গাঁওবাসীক ইউপিপিএল দলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মক ভোট প্ৰদান নকৰিলে গুলিয়াই মৰাৰ ভাবুকি দিয়ে।

উক্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে ঘটনাস্থলিত মহাজোঁটৰ নেতা কৰ্মীসকল ঘটনাস্থলিত উপস্থিত হৈ সমগ্র ঘটনাৰ বুজ লয় আৰু আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিয়লি দোতমা থানাত গাঁওবাসীয়ে এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উক্ত ঘটনা সন্দৰ্ভত ৮ নং দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমাতাৰীৰ লগতে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্মই উচ্চ পর্যায়ৰ তদন্তৰ লগতে নিৰ্বাচন আয়োগৰ হস্তক্ষেপ বিচাৰিছে।

Exit mobile version