‘গুজৰাট স্তব্ধ হ’ব’ হুংকাৰ টিকায়তৰ

rakeshtikait 1613549030

নতুন কৃষি আইনৰ প্ৰতিবাদত এইবাৰ বিজেপি শাসিত গুজৰাট স্তব্ধ কৰাৰ হুংকাৰ দিলে ভাৰতীয় কিষান ইউনিয়নৰ নেতা ৰাকেশ টিকায়তে । কালি গুজৰাট ভ্ৰমণত কৰিছিল টিকায়তে । তেওঁ দুদিনীয়া ভ্ৰমণত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

আজি তেওঁ জনায় যে, গান্ধী নগৰত ট্ৰেক্টৰেৰে পথ অৱৰোধ কৰা হ’ব । প্ৰয়োজন হ’লে বেৰিকেড ভাঙিবলৈও প্ৰস্তুত তেওঁলোক । আজি টিকায়তৰ স’তে যোগ দিছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰছিন বাঘেলে ।

টিকায়তৰ দাবী, গুজৰাটৰ কৃষকসকলৰ পৰিস্থিতি শোচনীয় । তৎস্বত্তেও কোনোদিন প্ৰতিবাদ সাব্যস্ত নকৰাৰ বাবেই তেওঁলোকৰ অৱস্থা শোচনীয় । তেওঁ গুজৰাটৰ কৃষকসকলক প্ৰযুক্তি সহায়তা প্ৰদানৰো দাবী উত্থাপন কৰে । তেওঁ কয় যে, গুজৰাটৰ কৃষকসকলে তিনি টকা কেজিত আলু বিক্ৰী কৰিবলৈ বাধ্য হৈছে । এনেদৰে কৃষকসকল সুখী থকা সম্ভৱ নে ? ইয়াৰ পাছতেই তেওঁৰ হুংকাৰ, ‘কৃষকসকলৰ মনৰ পৰা ভয় আঁতৰাবলৈ আমি শীঘ্ৰে আহি আছো ।’

ইয়াৰ পূৰ্বে টিকায়তে জনাইছিল যে, পশ্চিমবংগত নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত আন্দোলন অধিক তীব্ৰতৰ হ’ব । সম্প্ৰতি ৰাজস্থানৰ অলৱাৰত কিছুসংখ্যক দুষ্কৃতিকাৰীয়ে টিকায়তৰ কনভয়ত আক্ৰমণ কৰে । এই ঘটনাৰ স’তেও বিজেপি জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি টিকায়তে কয় যে, বিজেপিৰ শৰণাৰ্থী গুণ্ডাবোৰেই আক্ৰমণ কৰিছিল ।

Exit mobile version