গাড়ী এখন ‘ৰাজহুৱা স্থান’ অকলশৰে গাড়ী চলালেও মাস্ক পৰিধান অপৰিহাৰ্য, দিল্লী উচ্চ ন্যায়ালয়

driving mask 1617773520087 1617773524398

যানবাহনক ‘ৰাজহুৱা স্থান’ হিচাপে অভিহিত কৰি আজি দিল্লী উচ্চ ন্যায়ালয়ে জনায় যে, গাড়ীত অকলশৰে থাকিলেও মাস্ক পৰিধান কৰআ অনিবাৰ্য । মাস্ক হৈছে পৰিধান কৰা লোকৰ বাবে আৰু চাৰিওফালৰ লোকৰ বাবে এটা ‘সুৰক্ষা কৱচ’ । মাস্ক পৰিধান নকৰাকৈ গাড়ী চলোৱাৰ বাবে জৰিমনা ভৰা আবেদনকাৰীসকলৰ শুনানিৰ সময়ত ন্যায়াধীশ প্ৰতিভা এম সিঙে এই ঘোষণা কৰে ।

ন্যায়াধীশ সিঙে কয় যে, ট্ৰেফিক ছিগ্নেলত গাড়ী ৰখোৱাৰ পাছত কেতিয়াবা গাড়ী চালকসকলে গাড়ীৰ খিৰিকী নমাবলগীয়া হয় । কৰ’না ভাইৰাছ ইমানেই সংক্ৰামক যে সেই সময়তো কোনো লোক সংক্ৰমিত হ’ব পাৰে ।

মাস্ক পৰিধান নকৰাকৈ গাড়ী চলাই পাঁচশ টকাৰ জৰিমনা ভৰা সকলৰ ভিতৰত অধিবক্তা সৌৰভ শৰ্মাও এজন । শুনানি চলাকালীন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উচ্চ ন্যায়ালয়ক কৈছিল যে, অকলশৰে মাস্ক পৰিধান কৰি বাহন চলোৱা ধৰণৰ কোনো নিয়ম নাই । অৱশ্যে, প্ৰতিটো ৰাজ্যৰে নিজস্ব নীতি-নিয়ম প্ৰস্তুত কৰাৰ আৰু প্ৰয়োগ কৰাৰ অধিকাৰ আছে ।

দিল্লীৰ আম আদমি পাৰ্টি (এএপি)য়ে সকলো ব্যক্তিগত আৰু চৰকাৰী বাহনত মাস্ক পৰিধান অপৰিহাৰ্য বুলি ঘোষণা কৰি বিগত বৰ্ষৰ এপ্ৰিলত এটা আইনো পাছ কৰিছিল । কিন্তু আবেদনকাৰীয়ে আঙুলিয়াই দিয়ে যে, দিল্লী চৰকাৰৰ নিয়ম স্বত্বেও, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সেই সময়তে এক সংবাদ মেলত জনাইছিল যে, অলশৰে বাহন চলোৱা লোকে মাস্ক পৰিধান কৰা প্ৰয়োজনীয় নহয় ।

দিল্লীত চলিত বৰ্ষৰ সৰ্বাধিক পাঁচ হেজাৰ এশজন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে এই ঘোষণা কৰা হয় ।

Exit mobile version