নিউজিলেণ্ডত নিষিদ্ধ কৰা হৈছে ভাৰতীয় পৰ্যটক

ক'ভিড সংক্ৰমণ ৰোধ কৰিবলৈ এই পদক্ষেপ চৰকাৰৰ

2021 4largeimg 1500314953

ভাৰতত ক্ৰমাগত বৃদ্ধি পাবলৈ লৈছে ক’ভিড সংক্ৰমণ । বিগত ২৪ ঘণ্টাত ডেৰ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । সেয়ে ভাৰতৰ পৰ্যটক সোমোৱাত নিষেধাজ্ঞা জাৰি কৰিলে নিউজিলেণ্ডে । লগতে নিউজিলেণ্ডৰ নাগৰিকসকলেও আগন্তুক ১৭ দিনলৈ নিউজিলেণ্ডত সোমাব নোৱাৰিব ।

আজি নিউজিলেণ্ডৰ সীমান্তবৰ্তী অঞ্চলত নতুনকৈ ২৩ জন লোকক ক’ভিড-১৯ত আক্ৰান্ত পোৱা গৈছে । ইয়াৰ ভিতৰত ১৭ জনেই ভাৰতীয় । অকলেণ্ডৰ এটা সাংবাদ মেলত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে ঘোষণা কৰে, ‘সম্প্ৰতি ভাৰতৰ পৰ্যটকসকলক নিউজিলেণ্ডত সোমাৱা নিষিদ্ধ কৰা হৈছে ।’

এই নিষেধাজ্ঞা ১১ এপ্ৰিল ২০২১ৰ পৰা কাৰ্যকৰী হ’ব আৰু ২৮ এপ্ৰিল ২০২১লৈ অব্যাহত থাকিব । এই সময়সীমাৰ ভিতৰত কেনেকৈ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰি বিমান চলাচল আৰম্ভ কৰিব পাৰি সেই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিব বিশেষজ্ঞসকলে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মই জনাব বিচাৰো যে, এইটো কোনো নিৰ্দিষ্ট দেশৰ বিৰুদ্ধে কোনো পদক্ষেপ নহয় । এই সময়ৰ ভিতৰত আমি চাব বিচাৰো যে, যাতায়তৰ ক্ষেত্ৰত কেনেকৈ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰি ।’

বিগত ৪০ দিনত নিউজিলেণ্ডত কোনো লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱা নাছিল । সম্প্ৰতি সীমান্তবৰ্তী অঞ্চলত পুনৰ সংক্ৰমণ আৰম্ভ হৈছে । এই আক্ৰান্তসকলৰ ভিতৰত অধিকসংখ্যকেই ভাৰতীয় । সেয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে নিউজিলেণ্ড চৰকাৰ ।

Exit mobile version