বকোত কাঠৰ কুণ্ডা ভৰ্তি ডি.আই জব্দ

Screenshot 294

পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনৰ সেউজ ভূমি সংকুচিত হৈ আহিছে । দিনে নিশাই অব্যাহত আছে সেউজ ভূমিত কুঠাৰঘাট।

এনে সময়তে বকোৰ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খামাৰত নিশা বন বিভাগে জব্দ কৰে এখন চেগুন ভৰ্তি নম্বৰ বিহীন ডি আই । প্ৰায় এক লক্ষাধিক টকাৰ মূল্যৰ চেগুন ভৰ্তি ডি আইখন নিশা মেঘালয়ৰ পৰা আহি থকা অবস্থাতে জব্দ কৰে বন বিভাগে ।

উল্লেখযোগ্য যে, বকোৰ বিভিন্ন অঞ্চলত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহাই সচেতন মহলক চিন্তিত কৰি তুলিছ ।

Exit mobile version