ইজিপ্তৰ ইতিহাস‌‌ৰ নতুন দিগন্ত !

লাক্সৰত উদ্ধাৰ হ'ল তিনি হেজাৰ বছৰ পুৰণি চহৰ

2021 04 08T164724Z 964796607 RC2SRM9M7G8Y RTRMADP 3 EGYPT ANTIQUITIES 1617969177451 1617969183192

ইজিপ্তৰ লাক্সৰত তিনি হেজাৰ বছৰ পুৰণি এখন চহৰৰ সন্ধান পালে প্ৰত্নতত্ববিদসকলে । চহৰখনৰ নাম আতেন । প্ৰত্নতত্ববিদসকলৰ দাবী, এই চহৰখনে ইজিপ্তৰ ইতিহাসৰ নতুন দিশ মুকলি কৰিব । প্ৰত্নতত্ববিদসকলে জনায় যে, চহৰখনৰ প্ৰতিস্থাপক আছিল ৰজা তৃতীয় আমেনহোতেপ । তেওঁ খ্ৰীষ্টপূৰ্ব ১৩৯১ৰ পৰা ১৩৫০ পৰ্যন্ত ইজিপ্তত শাসন কৰিছিল ।

উল্লেখ্য যে, সেই সময়ৰ প্ৰশাসন আৰু শিল্পৰ অধিকসংখ্যকেই আছিল লাক্সৰ চহৰৰ পশ্চিম প্ৰান্তত । ৰজা তুতানখামেনৰ কীৰ্তিচিহ্নৰ পাছত আতেন চহৰ ইজিপ্তৰ দ্বিতীয় গুৰুত্বপূৰ্ণ আৱিষ্কাৰ । অনুসন্ধানৰ স’তে জড়িত জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ অধ্যাপক বেষ্টি ব্ৰায়ানে কয়, ‘প্ৰাচীন ইজিপ্তৰ জীৱনযাত্ৰাৰ বিষয়ে বহু নতুন তথ্য ফাদিল কৰিব পাৰে আতেন চহৰৰ আৱিষ্কাৰে ।’

তেওঁ লগতে কয় যে, আতেনসহ বিগত কিছু মাহ ধৰি ইজিপ্তৰ বিভিন্ন স্থানত যিসমূহ প্ৰাচীন সম্পদ উদ্ধাৰ হৈছে, সেইসমূহৰ ভিত্তিতে ইজিপ্তৰ জীৱনযাত্ৰাৰ সম্পৰ্কে অধিক তথ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰা হৈছে ।

ইজিপ্তৰ প্ৰত্নতাত্ত্বিক তথা পুৰাতত্ত্ববিষয়ক আৰু প্ৰাক্তন প্ৰতিমন্ত্ৰী জাহি হাবাছে জনায় যে, বিদেশৰ বহু পুৰাতত্ত্ববিদ এই চহৰৰ সন্ধানত আহিছিল । তেওঁলোকে সন্ধান নাপালে । এই চহৰৰ পথৰ দুকাষে বাসগৃহ আছিল । কিছুসংখ্যক গৃহৰ দেৱালৰ উচ্চতা আছিল ১০ ফুট । চহৰখনৰ দক্ষিণত এটা বেকাৰীও আছিল । বৃহৎ আকাৰৰ এটা চৌকা পোৱা গৈছে । অৱশ্যে এই পৰ্যন্ত বহু সম্পদ উদ্ধাৰ কৰিব বাকী আছে বুলি জনায় প্ৰাক্তন প্ৰতিমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version