সামাজিক মাধ্যমত কোনে জন্মদিনৰ শুভেচ্ছা জনালে জয়া বচ্চনক

jaya bachchan 71633

৭৩ বছৰ বয়সত ভৰি দিলে বৰ্ষিয়ান অভিনেত্ৰী তথা সাংসদ জয়া বচ্চনে । মাতৃৰ জন্মদিনত পুৰণি ফটো উপহাৰ দিলে অভিষেক বচ্চনে । পুৱাতে জয়াৰ যৌৱনকালৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে অভিষেকে । কেপচনত লিখে, ‘শুভ জন্মদিন মা । তোমাক ভাল পাওঁ ।’

জয়াৰ এই ফটো দেখি মুগ্ধ হয় সকলো বলীউডৰ তাৰকা । হৃতিক ৰোছন, ইছা দেৱল, ফাৰাহ খানসহ বহু তাৰকাই তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । অমিতাভ বচ্চনেও এই বিশেষ দিনত সামাজিক মাধ্যমত শুভেচ্ছা জনায় পত্নীক । নষ্টালজিক হৈ পৰে বিগ বিও । তেওঁ জয়াৰ পুৰণা ক’লা-বগা ফটো শ্বেয়াৰ কৰে ।

১৯৭৩ৰ জুনত বিবাহ পাশত আৱদ্ধ হৈছিল অমিতাভ বচ্চন আৰু জয়া বচ্চন । শ্ব’লে, অভিমান, মিলি, চুপকে চুপকে, চিলচিলাৰ দৰে বহু চলচ্চিত্ৰত তেওঁলোকে একেলগে কাম কৰিছে । স্বেতা আৰু অভিষেক জন্ম হোৱাৰ পাছত কামৰ পৰিমাণ কমাই দিয়ে জয়াই । অৱশ্যে পৰৱৰ্তী সময়ত কল হো না‌ হো, কভি খুছি কভি গম, লগা চুনৰি মে দাগ আদি চলচ্চিত্ৰত দেখা যায় অভিনেত্ৰীগৰাকীক ।

Exit mobile version