কাশী বিশ্বনাথ মন্দিৰ ভাঙি জ্ঞানবাপী মছজিদ সাজিছিল ঔৰংগজেৱে !

উত্তৰ বিচাৰিবলৈ পুৰাতত্ত্ব বিভাগক নির্দেশ আদালতৰ

2 Swamy Kashi edited

তিনি দশকৰ পূৰ্বৰ এক অভিযােগৰ সন্দৰ্ভত অৱশেষত জ্ঞানবাপী মছজিদ সম্পর্কে এক নির্দেশ দিলে আদালতে। পুৰাতাত্ত্বিক সর্বেক্ষণক এই সন্দৰ্ভত পাঁচজনীয়া এখন কমিটী গঠনৰ নির্দেশ দিছে বাৰানসী আদালতে।

মােগল সম্রাট ঔৰংগজেৱে বিশ্বনাথ কাশী মন্দিৰ ভাঙি এই মছজিদ নির্মাণ কৰাৰ অভিযােগ চালি-জাৰি চোৱাৰ বাবেই এই কমিটী গঠনৰ নির্দেশ দিয়া হৈছে। প্রায় তিনি দশকৰ পূর্বে এক গােচৰত অভিযােগ কৰা হৈছিল যে ঔৰংগজেৱে কাশীৰ বিশ্বনাথ মন্দিৰ ভাঙি জ্ঞানবাপী মছজিদ নির্মাণ কৰিছিল।

সেই অভিযােগ সঠিক হয় নে নহয়, সেই ক্ষেত্ৰত সমীক্ষা চলােৱাৰ বাবে পাঁচজনীয়া কমিটী গঠন কৰিবলৈ পুৰাতাত্ত্বিক সর্বেক্ষণক নির্দেশ দিয়ে ফাষ্ট ট্রেক আদালতৰ ন্যায়াধীশ আশুতােষ তিৱাৰীয়ে। আদালতে নির্দেশ দিছে যে বিশেষজ্ঞ আৰু দুই ধৰ্মৰ বিশিষ্ট লােকক লৈ এই কমিটী গঠন কৰিব লাগিব।

উল্লেখ্য যে প্রায় এমাহৰ পূর্বে প্লেচেছ অৱ ৱৰশ্বিপ (স্পেচিয়েল প্ৰভিজনছ)এক্ট, ১৯৯১ৰ। সাংবিধানিক বৈধতাক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক জনস্বার্থ মামলা ৰুজু হৈছিল, সেই বিষয়তে কেন্দ্ৰৰ পৰা জবাব তলব কৰিছে শীর্ষ আদালতে। এই আইনখনৰ মতে, ১৯৪৭ৰ ১৫ আগষ্টৰ পাছত কোনাে ধর্মীয়স্থলৰ স্বৰূপ সলনি কৰিব পৰা নাযাব।

অর্থাৎ সেই দিনাৰ পৰা বিতর্ক থকা কোনাে মছজিদ ভাঙি মন্দিৰ নির্মাণ কৰা নহ’ব বা মন্দিৰ ভাঙি মছজিদ নির্মাণ কৰিব নােৱাৰিব। অৱশ্যে এইক্ষেত্ৰত গােচৰ চলি থকাৰ পৰিপ্ৰেক্ষিতত অযােধ্যাক সেই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছিল।

উল্লেখ্য যে কাশী বা বাৰানসীৰ বিখ্যাত বিশ্বনাথ মন্দিৰৰ গাতে লাগি আছে। জ্ঞানবাপী মছজিদ। ঐতিহাসিকসকলৰ একাংশৰ মতে, একাধিকবাৰ বিদেশী আক্ৰমণকাৰীৰ আক্ৰমণত মন্দিৰটো ক্ষতিগ্রস্ত হৈছিল। ১৬৬৯ত মূল মন্দিৰটো দখল কৰি তৎকালীন মােগল সম্রাট ঔৰংগজেৱে তাত জ্ঞানবাপী মছজিদ নির্মাণ কৰে।

এতিয়াও মছজিদৰ দেৱালত হিন্দু দেৱ-দেৱীৰ খােদিত চিত্র দেখা যায়। অষ্টাদশ শতিকাত হিন্দুসকলৰ আবেগক প্রাধান্য দি মছজিদৰ কাষতে বর্তমান বিশ্বনাথ মন্দিৰটো নিৰ্মাণ কৰে মাৰাঠা ৰাজ্য মালওৱাৰ ৰাণী অহল্যাবাঈ হােলকাৰে। ২০১৮ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কাশী বিশ্বনাথ কৰিড’ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে।

প্রায় ছশ কোটি টকীয়া সেই প্রকল্পত বিশ্বনাথ মন্দিৰৰ পৰা গংগাৰ ঘাট পর্যন্ত পথ সম্প্রসাৰণৰ কাম আৰম্ভ হয়। ফলত জ্ঞানবাপী মছজিদৰ ওচৰ-পাজৰৰ বহুতাে গৃহ ভাঙি পেলােৱা হয়। মছজিদৰ তদাৰককাৰী ছাঈদ য়াছিনে এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত আশংকা ব্যক্ত কৰিছিল যে মছজিদৰ চাৰিওফাল খালী হৈ পৰাত সমাবেশৰ আশংকাও বৃদ্ধি পাইছে। মন কৰিবলগীয়া যে বাবৰি মছজিদ ধ্বংসৰ পূর্বেও একেদৰে বিতর্কিত আন্তঃগাঁথনিটোৰ চাৰিওকাষ খালী কৰা হৈছিল।

Exit mobile version