কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ’ল থালাইভি’ৰ মুক্তিৰ দিন

দেশত কৰ’নাৰ পৰিস্থিতি পুনৰ জটিল হৈ আহিছে। সেই কথা মনত ৰাখি জয়ললিতাৰ জীৱনীমূলক ছবি ‘থালাইভি’ৰ মুক্তিৰ দিন পিছুৱাই দিয়া হয়।

ADVERTISEMENT

চলিত বৰ্ষৰ ২৩ এপ্ৰিলত থালাইভি ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু এতিয়া চলচ্চিত্ৰ প্ৰেমীসকলে এই ছবিখনৰ বাবে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব।

নিৰ্মাতাসকলে এক বিবৃতিত কয়, “আমাৰ গোটেই দলটোৱে এই ছবিখন নিৰ্মাণ কৰিবলৈ যথেষ্ট ত্যাগ কৰিছে।” একে সময়তে এই প্ৰত্যাহ্বানমূলক আৰু সুন্দৰ যাত্ৰাৰ বাবে আমি ছবিখনৰ প্ৰতিজন কলাকুশলীক ধন্যবাদ জনাইছো।

যিহেতু ছবিখন একে সময়তে বহুতো ভাষাত মুক্তি পাব, আমি বিচাৰিম যে ছবিখন একেদিনাই সকলো ভাষাতে মুক্তি দিয়া হ’ব। থালাইভি ২৩ এপ্ৰিলত মুক্তি পোৱাৰ কথা আছিল কিন্তু ক’ভিড-১৯ পৰিস্থিতি, তলাবন্ধ, সকলো বিভিন্ন কাৰণৰ বাবে আমি এতিয়া ছবিখন মুক্তি দিবলৈ সাজু নহয়। আমি চৰকাৰী নিয়ম অনুসৰি থালাইভিৰ মুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছো। ”

থালাইভি’ পৰিচালনা কৰিছে এ.এল. বিজয়ে। কংগনাৰ উপৰিও অভিনেতা অৰবিন্দ স্বামীকো ছবিখনত দেখা যাব। হিন্দীৰ উপৰিও, ছবিখন তামিল আৰু তেলেগু ভাষাতো মুক্তি পাব।

Exit mobile version