কৰ’না ৰােগীৰ বাবে প্রস্তুত ‘ঈশ্বৰৰ হাত’

ব্রাজিলৰ এগৰাকী নাৰ্ছৰ উপস্থিত বুদ্ধিক প্রশংসা

1617962367 untitled design 7

সামান্য চেনেহৰ পৰশ এটিৰ যথেষ্ট উপযােগিতা দিয়ে। এই চেনেহৰ স্পর্শ এটিয়েই এজন মানুহৰ মনক সান্ত্বনা দিব পাৰে, সাহস যােগাব পাৰে বা উৎসাহিত কৰিব মাৰে। বিশেষকৈ প্রিয়জন বা ঘনিষ্ঠজনৰ এটি পৰশে ৰােগীসকলকো যথেষ্ট সকাহ দিব পাৰে।

ৰােগত ভুগি দুর্বল হৈ পৰা মনটোকো পুনৰ শক্তিশালী কৰাত সহায় কৰিব পাৰে। অথচ কৰ’নাৰ পৰিস্থিতিত এই আদৰৰ স্পৰ্শৰেই যথেষ্ট অভাৱ ঘটিছে। দৈহিক দূৰত্ব বর্তাই ৰাখিলে বা নিভৃতবাসত থাকিলে স্পৰ্শৰ সুযােগনাে থাকে ক’ত ? সম্প্রতি এই স্পর্শ-সুখৰ অভাৱেই কৃত্রিম উপায়েৰে দূৰ কৰিলে ব্রাজিলৰ এগৰাকী নাৰ্ছে ৰােগ নিৰাময়ৰ পন্থাৰূপে নাৰ্ছগৰাকীয়ে তৈয়াৰ কৰা কৃত্রিম ‘হিউমেন টাচ্চ’ বা মানৱ স্পর্শই সম্প্রতি সামাজিক মাধ্যমৰ জৰিয়তে সমগ্র বিশ্বতে প্রশংসা বুটলিছে।

কৰ’নাৰ প্রথম ঢৌৰ দৰে দ্বিতীয় প্রজাতিৰ ঢৌৱেও ব্রাজিলবাসীক বাৰুকৈয়ে ভােগাইছে। হাস্পতালসমূহ কৰ’না ৰােগীৰে ভৰি পৰিছে । এনে অৱস্থাত ৰােগীসকলক কিছু আশ্বস্ত কৰাৰ বাবেই নাৰ্ছগৰাকীয়ে নিজা উদ্যোগত এই অভিনৱ পন্থা হাতত লয়। নাৰ্ছগৰাকীয়ে নিজে কৰ্মৰত হাস্পতালত থকা প্রতিজন কৰ’না ৰােগীৰ হাতত দিয়ে দুখনকৈ কৃত্রিম উষ্ণ হাতৰ তলুৱা। দেখিলে এনে লাগে যেন কোনােবাই দুহাতেৰে ৰােগীসকলৰ হাতখনক ধৰি আছে। ইয়াৰ বাবে অৱশ্যে তেওঁ বিশেষ খৰচ কৰিবলগীয়া হােৱা নাই। কেৱল এজোৰা গ্লাভছ আৰু কুহুমীয়া গৰমপানীতে ৰােগীৰ মনত সকাহ দিবলৈ সক্ষম হৈছে।

নাৰ্ছগৰাকীয়ে গ্লাভছত সেই কুহুমীয়া গৰমপানী ভৰাই হাতৰ দৰে কৰি সােমােৱাই দিয়া হৈছে ৰােগীৰ হাতৰ আঙুলিৰ ফাকত। ব্রাজিলৰ সেই নাৰ্ছৰ উপস্থিত বুদ্ধি আৰু তাৰ প্ৰয়ােগক যথেষ্ট প্রশংসা কৰিছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে। এয়া হৈছে কৃত্রিম স্পর্শ-সুখ। কিন্তু বহুতে এনে কৃত্রিম স্পৰ্শৰে হাতত হাতেৰে স্পৰ্শ কৰাৰ উষ্ণতা পােৱা সম্ভৱ জানাে বুলিও সন্দেহ প্রকাশ কৰিছে।

ব্রাজিলৰ এখন হাস্পতালৰ আইছ’লেচন ৱাৰ্ডত সেই কৃত্রিম স্পৰ্শৰ ফটো শ্বেয়াৰ কৰি এজন সাংবাদিকে লিখিছে, ঈশ্বৰৰ হাত! চাওক, সেই নাছৰ্গৰাকীয়ে কিদৰে তেওঁৰ ৰােগীক সুস্থ কৰাৰ চেষ্টা কৰিছে।

Exit mobile version