প্ৰতিষেধক অপচয়ৰ শীৰ্ষত তামিলনাডু, হাৰিয়ানা

অসমত ৭.৩ শতাংশ অপচয়

PTI02 20 2021 000038A 1614160453148 1614160628653

কৰ’না টিকাকৰণৰ দিশত অন্য দেশৰ তুলনাত বহুখিনি আগবাঢ়ি আছে ভাৰত । কিন্তু বিপুল পৰিমাণৰ প্ৰতিষেধক অপচয় হৈছে ভাৰততে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এটা ৰিপ’ৰ্ট অনুযায়ী, প্ৰতিষেধক অপৰচয়ৰ তালিকাত শীৰ্ষ স্থানত আছে তামিলনাডু । তামিলনাডুত ১২.৪ শতাংশ প্ৰতিষেধকৰ অপচয় হৈছে ।

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ‘তামিলনাডুত অপচয় হোৱা প্ৰতিষেধকৰ পৰিমাণ ১২.৪ শতাংশ, হাৰিয়ানাত ১০ শতাংশ, বিহাৰত ৮.১ শতাংশ । দিল্লী, হাৰিয়ানা, পঞ্জাৱ, অসম, মণিপুৰ যথাক্ৰমে সাত, ৭.৩, আঠ, ৭.৩ আৰু ৭.২ শতাংশ প্ৰতিষেধক অপচয় হৈছে ।’

বিগত কিছুদিন ধৰি দেশৰ একাধিক ৰাজ্য প্ৰতিষেধক সৰবৰাহৰ ক্ষেত্ৰত সৰৱ হৈছে । দিল্লী, পঞ্জাৱে কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে প্ৰতিষেধক সৰবৰাহ কৰিবলৈ আবেদন দিছে । সেই সময়তে প্ৰতিষেধকৰ অপচয় চিন্তনীয় । প্ৰতিষেধক অপচয়ৰ বিতৰ্কত অন্তৰ্ভুক্ত হৈ পৰিছে মহাৰাষ্ট্ৰ‌ও । কেন্দ্ৰ‌ই মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বিপুল পৰিমাণৰ প্ৰতিষেধক অপচয় কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

গ’ৱা, লক্ষ্যদ্বীপ, কেৰালা, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু পশ্চিমবংগত ইয়াৰ সম্পূৰ্ণ পৃথক ছবি দেখা যায় । এই ৰাজ্যসমূহত প্ৰতিষেধক অপচয়ৰ পৰিমাণ শূণ্য ।

ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ চিইঅ’ ৰাম শৰ্মাই জনায় যে, প্ৰতিষেধকৰ অপচয় চিন্তাৰ বিষয় হৈ পৰিছে । সৰু-সৰু টিকাকৰণ কেন্দ্ৰসমূহক বৃহৎ কেন্দ্ৰৰ স’তে জড়িত কৰিলে এই সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে ।

তেওঁ লগতে কয় যে, দেশত প্ৰতিষেধক উৎপাদন কৰা হয় বুলিয়ে যে প্ৰতিষেধক অপচয় কৰিব লাগে, তেনে নহয় । সেয়ে প্ৰশাসনে এই দিশটো পৰ্যালোচনা কৰা উচিত ।

Exit mobile version