বিয়াৰ মাত্ৰ তিনিমাহৰ পাছতে স্বামীয়ে বিয়া দিলে পত্নীক প্ৰাক্তন প্ৰেমিকৰ স’তে

jpg 1 1

বিয়াৰ মাত্ৰ তিনিমাহৰ পাছতে পত্নীক বিয়া দিলে প্ৰাক্তন প্ৰেমিকৰ স’তে । শেহতীয়াকৈ ঘটনাটো সংঘটিত হৈছে কানপুৰৰ চকেৰী আৰক্ষী থানাৰ অন্তৰ্গত চানিগওয়ান গাঁৱত । যোৱা ন ফেব্ৰুৱাৰীত সুজিত ওৰফে গুলোৰ বিয়া হৈছিল ওচৰৰে এখন গাঁওৰ জীয়ৰী শান্তিৰ স’তে।

দুয়োজনে ধুমধামেৰে সকলো ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল। শান্তিয়েও বিয়াৰ পিছত তেওঁৰ স্বামীৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু বিয়াৰ কেইদিনমান পাছত শান্তি তেওঁৰ দেউতাকৰ ঘৰলৈ গৈ স্বামীৰ ওচৰলৈ ঘূৰি আহিব নিবিচাৰিলে।

সুজিতে তেওঁৰ পত্নীক বহুবাৰ ঘৰলৈ ঘূৰাই নিবলৈ যায় যদিও শান্তি স্বামীৰ ঘৰলৈ যাবলৈ অস্বীকাৰ কৰে। প্ৰথমে শান্তিয়ে ক’ব বিচৰা নাছিলে যে তেওঁ কিয় শহুৰেকৰ ঘৰলৈ উভতি যাব নিবিচাৰে।

বহু চেষ্টাৰ পিছত, স্বামীৰ ওচৰত মুখ খুলিলে শান্তিয়ে। জনালে তেওঁৰ মনৰ ভিতৰত থকা মানুহজনৰ কথা । শান্তিয়ে স্বামীক এইটোও স্পষ্ট কৰিছিল যে কেনেকৈ ঘৰৰ মানুহে শান্তিৰ ইচ্ছাৰ বিপৰীতে বিবাহ পাশত আৱদ্ধ কৰাইছিল।

একেদিনাই, শান্তিয়ে স্বামী সুজিতক লক্ষ্ণৌৰ বাসিন্দা ৰবিৰ বিষয়ে জনাই। ৰবি শান্তিৰ প্ৰেমীক। পত্নীৰ মুখৰ পৰা এই কথা শুনি সুজিতে তেওঁলোকক প্ৰেমৰ পৰিণাম দিবলৈ সিদ্ধান্ত লয়।

শান্তিৰ পৰিয়ালৰ স’তে কথা পাতি তেওঁ ৰবিক বিচাৰিবলৈ আৰম্ভ কৰিলে। তাৰ পাছত তেওঁৰ পত্নীক তেওঁৰ প্ৰেমিকৰ স’তে বিয়া কৰোৱাই দিয়ে সুজিতে।

Exit mobile version