আইপিএলৰ আৰম্ভণিতে এম‌এছ ধোনিয়ে ভৰিব লাগিব জৰিমনা

thumb 1

আইপিএলত চেন্নাই ছুপাৰ কিংছৰ আৰম্ভণি খুব ‌এটা ভাল দেখা নগ’ল । প্ৰথম খেলতে দিল্লী কেপিটেলছে সাত উইকেটত পৰাজিত কৰে চেন্নাই ছুপাৰ কিংছক । লগতে ধীৰ গতিত বল কৰাৰ বাবে ১২ লাখ টকাৰ জৰিমনা ভৰিব লাগিব মহেন্দ্ৰ সিং ধোনিয়ে ।

নিৰ্দিষ্ট সময়ত খেল শেষ কৰিবৰ বাবে এইবাৰ আৰম্ভণিৰ পৰাই কঠোৰ ভূমিকা গ্ৰহণ কৰিছে আয়োজকসকলে । ব’লিং কৰোতে নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে আয়োজকসকলে । এইটো প্ৰথম অপৰাধ বুলি গণ্য কৰাৰ বাবে কেৱল জৰিমনা কৰা হৈছে । এই অপৰাধ পুনৰ সংঘটিত হ’লে নিৰ্বাসনো হ’ব পাৰে ।

আইপিএলৰ নিয়ম অনুযায়ী, প্ৰতি ঘণ্টাত অন্ততঃ ১৪.১ অ’ভাৰ ব’লিং কৰিব লাগে । ষ্ট্ৰেটেজিক টাইম আউট বাদ দিয়েই এই সময় নিৰ্ধাৰণ কৰা হয় । বোৰ্ডে ৯০ মিনিটত এটা ইনিংছ সমাপ্ত কৰাৰ চেউ কৰে । শনিবাৰে এই নিয়ম উলংঘা কৰে চিএছকে ।

Exit mobile version