বাহুবলী-ৰামৰ পাছত এইবাৰ ৰেম্বােৰ ভূমিকাত জনপ্ৰিয় অভিনেতা প্রভাস

prabhas81573474750

যােৱা বছৰেই ঘােষণা কৰা হৈছিল যে হলীউদৰ বিখ্যাত ছবি ‘ৰেম্বাে’ৰ হিন্দী ৰিমেক হ’ব আৰু ছিলভেষ্টাৰ ষ্টেলনৰ ভূমিকাত দেখা যাব টাইগাৰ শ্ৰফক। আনকি টাইগাৰে নতুন ছবিৰ প’ষ্টাৰাে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

কিন্তু এতিয়া শুনা গৈছে যে টাইগাৰৰ পৰিৱর্তে নির্মাতাসকলে ‘বাহুবলী’ প্রভাসৰ কথাহে চিন্তা কৰিছে। ইয়াৰ কাৰণ হৈছে অন্যান্য কিছু প্রজেক্টক লৈ টাইগাৰ ইমানেই ব্যস্ত হৈ পৰিছে যে তেওঁ ‘ৰেম্বাে’ৰ ৰিমেকৰ বাবে সময় দিব পৰা নাই।

এই মুহূর্তত টাইগাৰ একেলগে ‘গণপট’, ‘হিৰােপান্তি টু’ আৰু ‘বাগী ফ’ৰৰ চিত্রগ্রহণত ব্যস্ত। হাতত একেবাৰে সময় নাই। হিন্দী ‘ৰেম্বােৰৰ পৰিচালক হৈছে সিদ্ধার্থ আনন্দ। তেওঁৰ স’তেও টাইগাৰে ৱাৰ টু’ ছবিত অভিনয় কৰিব বুলি শুনা গৈছে। পৰিচালক সিদ্ধার্থই বােলে দুয়ােখন ছবি একেজন নায়কক লৈ নির্মাণ কৰিব খােজা নাই।

সেই বাবেই একচন সমৃদ্ধ ছবি ‘ৰেম্বাে’ৰ বাবে প্রভাসৰ কথা ভবা হৈছে। অৱশ্যে প্রভাসৰ হাততাে সম্প্রতি কে’বাখনাে ছবি আছে। দক্ষিণৰ ছুপাৰষ্টাৰজনে সম্প্রতি ব্যস্ত হৈ আছে ‘আদিপুৰুষ’ ছবিৰ চিত্রগ্রহণত। ছবিখনত তেওঁ ৰামৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।

ইয়াৰ উপৰি তেওঁৰ হাতত আছে ‘ৰাধে শ্যাম’ আৰু নাগ অশ্বিন পৰিচালিত এতিয়াও নামস্থিৰ নােহােৱা এখন ছবি। সেইখন ছবিত প্রভাসৰ বিপৰীতে অভিনয় কৰিব দীপিকা পাড়ক’নে। উল্লেখ্য যে দক্ষিণৰ ছুপাৰষ্টাৰ প্রভাসে ইতিমধ্যে বলিউদতাে নিজৰ স্থান প্রায় নিগাজি কৰিছে। ছবি উদ্যোগটোৰ মতে, প্রতিখন ছবিৰ বাবদ তেওঁ এশ কোটি পাৰিশ্রমিক লৈ আছে।

Exit mobile version