এন্টিলিয়া গােচৰত মুম্বাই আৰক্ষীৰ বিষয়া ৰিয়াজক গ্রেপ্তাৰ এনআইএৰ

এন্টিলিয়া গােচৰ আৰু মনসুখ হিমে হত্যাৰ গােচৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ) সংস্থাই গ্রেপ্তাৰ কৰিলে মুম্বাই আৰক্ষীৰ বিষয়া ৰিয়াজ কাজিক।

এনআইএয়ে দেওবাৰে প্রকাশ কৰা অনুসৰি, মুম্বাই আৰক্ষীৰ বিষয়া ৰিয়াজে এন্টিলিয়া কাণ্ডৰ ষড়যন্ত্ৰত আৰক্ষী বিষয়া শচীন ৱাজেক সহযােগিতা আগবঢ়াইছিল।

উল্লেখ্য যে, শচীনাে সম্প্রতি এনআইএৰ জিম্মাত আছে। শচীনৰ দৰে ৰিয়াজেও মুম্বাইৰ আৰক্ষীৰ সহকাৰী পৰিদৰ্শক হিচাপে কাম কৰিছিল। স্মর্তব্য যে, যােৱা ২৫ ফেব্ৰুৱাৰীত দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানিৰ মুম্বাইস্থিত এন্টিলিয়া বাসগৃহৰ সন্মুখত এখন বিস্ফোৰক ভর্তি গাড়ী উদ্ধাৰ কৰা হৈছিল।

এই ঘটনাৰ সন্দৰ্ভত তদন্ত চলাই এনআইএয়ে প্রথমে আৰক্ষী বিষয়া শচীনক আৰু দেওবাৰে আন এগৰাকী আৰক্ষী বিষয়া ৰিয়াজক গ্রেপ্তাৰ কৰিছে ।

Exit mobile version