কুমাৰীত্ব পৰীক্ষাত অনুত্তীর্ণ দুই ভগ্নীৰ বিবাহ বিচ্ছেদৰ ৰায় পঞ্চায়তৰ

প্ৰাচীন প্ৰথা মানি ৰঙাঘৰৰ আলহী হ'ল স্বামীগৃহৰ লোক

Panchayat India 1 5f8d3849b4956

প্রাচীন প্রথা মানিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল মহাৰাষ্ট্রৰ এটা সম্প্রদায়ৰ একাংশ লােক। উক্ত সম্প্রদায়ৰ প্রচলিত প্রাচীন প্রথা অনুসৰি বিবাহৰ পাছত কুমাৰীত্বৰ পৰীক্ষা দিবলগীয়া হৈছিল দুই নৱপৰিণীতা ভগ্নীয়ে। সেই পৰীক্ষাত এগৰাকী ভগ্নী উত্তীর্ণ হ’ব নােৱৰাৰ দায়তে দুয়ােগৰাকীকে বিবাহ বিচ্ছেদৰ ৰায় দিলে স্থানীয় ‘জাত পঞ্চায়ত’-এ।

পঞ্চায়তৰ এই নির্দেৰ্শৰ বিৰুদ্ধে যুৱতীদ্বয়ৰ মাতৃ আৰক্ষীৰ শৰণাপন্ন হৈছিল। লিখিত অভিযােগ লাভৰ পাছতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে যুৱতীদ্বয়ৰ দুই স্বামী, শাহুৱেক আৰু একাংশ পঞ্চায়ত সদস্যক। এই ঘটনা মহাৰাষ্ট্রৰ কোলহাপুৰৰ।কোলহাপুৰত বাস কৰা কঞ্জৰভাট সম্প্রদায়ৰ মাজত বহু শতিকা ধৰিয়ে ননবিবাহিতাৰ কুমাৰীত্বৰ পৰীক্ষাৰ ৰীতি প্রচলিত হৈ আছে।

আৰক্ষীয়ে জনােৱা মতে,যােৱা নৱেম্বৰত উক্ত সম্প্রদায়ৰ দুজন যুৱকৰ স’তে দুগৰাকী ভগ্নীৰ বিয়া ঠিক হয়। লক্ষ্যণীয়ভাৱে ইয়াৰে এজন যুৱক সেনাৰ জোৱান। আনজনেও চাকৰি কৰে। বিয়াৰ পাছত প্রথা অনুসৰি দুই ভগ্নীৰ কুমাৰীত্ব পৰীক্ষা কৰােৱা হয়। যুৱতীদ্বয়ৰ পৰিয়ালে অভিযােগ কৰা মতে, দুই ভগ্নীৰ এগৰাকী সেই পৰীক্ষাত উত্তীর্ণ নহ’ল। অর্থাৎ স্বামীৰ স’তে প্রথম শাৰীৰিক মিলনৰ পাছত বিছনাৰ বগা চাদৰত তেজৰ দাগ দেখা নােপােৱাৰ পাছৰে পৰা নৱবিবাহিতাৰ ওপৰত মানসিক শাৰীৰিক নির্যাতন আৰম্ভ হয়।

বিবাহৰ পূর্বে যুৱতীৰ আন কাৰােবাৰ স’তে সম্পর্ক আছিল বুলিও চাপ দিবলৈ ধৰে স্বামী আৰু স্বামীগৃহৰ অন্যান্য সদস্যসকলে। ইপিনে, বাদ নপৰিল পৰীক্ষাত উত্তীর্ণ হােৱা আনগৰাকী তেওঁৰ স্বামীগৃহৰ ভগ্নীও।লােকেও তেওঁৰ ওপৰত সন্দেহ কৰিবলৈ আৰম্ভ কৰে। ফলত প্রায় প্রতিদিনে দুয়ােৰে ওপৰত চলিছিল মাৰধৰ, ভাবুকি আদি। আনকি ১০ লাখ টকা বিচাৰি তেওঁলােকৰ পিতৃগৃহকো চাপ দিবলৈ আৰম্ভ কৰে।

ইয়াৰ পাছতে বিষয়টোৰ নিষ্পত্তি বিচাৰি স্থানীয় ‘জাত পঞ্চায়তৰ দ্বাৰস্থ হয় দুই যুৱতীৰ মাতৃ। মহিলাগৰাকীয়ে তেওঁৰ কন্যা নির্দোষ বুলিয়ে দাবী কৰিছিল। মহিলাই আৰক্ষীক অভিযােগ কৰে যে ঘটনাৰ মীমাংসাৰ পঞ্চায়তৰ সদস্যসকলে পৰা আগতীয়াকৈ ৪০ হেজাৰ টকা লয়। যােৱা ফেব্ৰুৱাৰীত স্থানীয় মন্দিৰ এটাত পঞ্চায়তৰ বিচাৰ সভা অনুষ্ঠিত হয় আৰু পঞ্চায়তে স্বামীগৃহৰ পক্ষকে সমর্থন কৰে আৰু দুই ভগ্নীৰ বিবাহ বিচ্ছেদৰাে ৰায় দিয়ে।

ইয়াৰ পাছতে ‘মহাৰাষ্ট্র অন্ধশ্রদ্ধা নিমূর্লন সমিতি’ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰস্থ হয় ভুক্তভােগী যুৱতীদ্বয়ৰ মাতৃ। এই সংস্থাটোৱে আৰক্ষীৰ স’তে যােগাযােগ কৰি সমস্ত ঘটনা জানিবলৈ দিয়ে। যােৱা বৃহস্পতিবাৰে আৰক্ষীয়ে দুয়ােগৰাকী যুৱতীৰ স্বামী, শাহুৱেক আৰু পঞ্চায়তৰ একাংশ সদস্যক গ্রেপ্তাৰ কৰাৰ পাছত সম্প্রতি তেওঁলােক ৰঙাঘৰৰ আলহী হৈ আছে।

Exit mobile version