টিকাকৰণ কেন্দ্ৰৰ পৰা ঘূৰাই পঠালে ৮০ বছৰীয়া বৃদ্ধাক

covid 19 vaccination to be voluntary in nature health minister

দেশজুৰি ক’ভিড প্রতিষেধক প্রয়ােগ হৈ থকাৰ সময়তে বিভিন্ন স্থানত ইয়াৰ অভাৱ ঘটাৰাে বাতৰি প্রকাশ পাই আহিছে। এনে এক পৰিস্থিতিত কৰনাৰ প্রতিষেধক গ্রহণৰ পৰা বঞ্চিত হ’ল মুম্বাইৰ এগৰাকী অশীতিপৰ মহিলা ।

প্রতিষেধক কম থকাৰ বাবে ৮০ বছৰীয়া বৃদ্ধাগৰাকীক এটা টিকাকৰণ কেন্দ্ৰৰ পৰা ওভতাই পঠোৱাৰ অভিযােগ উত্থাপন হৈছে। মুম্বাইৰ যােগেশ্বৰী অঞ্চলৰ বাসিন্দা জয়শ্রী মানকামে সংবাদ মাধ্যমৰ আগত অভিযােগ কৰে যে প্রতিষেধক গ্রহণ কৰাক কেন্দ্ৰ কৰি প্রথম অৱস্থাত তেওঁৰ মনত কিছু দ্বিধাবােধ আছিল।

বিভিন্ন ধৰণে প্রচাৰিত হৈ থকা কেতবােৰ উৰা বাতৰিৰ পৰিপ্ৰেক্ষিততে তেওঁৰ মনতাে দ্বিধাৰ জন্ম হৈছিল। অৱশ্যে পাছত সময়ত বহুতেই প্রতিষেধক গ্রহণ কৰাৰ প্রত্যক্ষ কৰি তেওঁৰ মন সলনি হয় আৰু এটা টিকাকৰণ কেন্দ্ৰলৈ যায়। কিন্তু উক্ত কেন্দ্ৰত পর্যাপ্ত পৰিমাণৰ প্রতিষেধক মজুত নাই বুলি তেওঁক ঘূৰাই পঠোৱা হয়।

স্বাভাৱিকতে এই ঘটনাত বৃদ্ধাগৰাকীয়ে অসন্তুষ্টি প্রকাশ কৰিছে। বৃদ্ধাগৰাকীয়ে কয় যে, যিহেতু ৪৫ বছৰ ঊৰ্ধ্বৰ সকলাে লােককে চৰকাৰে প্রতিষেধক গ্রহণ কৰিবলৈ আহ্বান জনাই আছে, সেয়ে প্রতিষেধকো প্রতিটো কেন্দ্রতে পর্যাপ্ত পৰিমাণে ৰখা উচিত। বিশেষকৈ বেছি বয়সৰ লােকসকলক প্রতিষেধক প্রদান নিশ্চিত কৰাটো স্বাস্থ্য বিভাগৰ কর্তব্য বুলিও তেওঁ ক্ষোভ প্রকাশ কৰে।

উল্লেখ্য যে মুম্বাইকে ধৰি সমগ্র মহাৰাষ্ট্রতে সম্প্রতি ভয়ানকৰূপে ক’ভিড সংক্রমণ বৃদ্ধি পাইছে আৰু যিকোনাে সময়তে ৰাজ্যখনত সম্পূর্ণ তলাবন্ধ ঘােষণা হ’ব পাৰে। ইতিমধ্যে মহাৰাষ্ট্রৰ বিভিন্ন স্থানত আংশিক তলাবন্ধ বাহাল আছে।

Exit mobile version