নোৰা ! মহাকাশচাৰী প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা অমিৰশাহিৰ প্ৰথম মহিলা

nora al matrooshi file rt jef

সংযুক্ত আৰৱ অমিৰশাহিয়ে মহাকাশচাৰী প্ৰশিক্ষণৰ বাবে বাছনি কৰিলে নোৰা অল মাত্ৰুছি (২৭)ক । এয়ে প্ৰথম মহাকাশচাৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব কোনো আৰৱীয় মহিলাই । আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাচায় ২০২০ৰ মহাকাশচাৰী প্ৰশিক্ষণ ক’ৰ্ছত যোগ দিব নোৰাই ।

২০২৪ৰ ভিতৰত চন্দ্ৰত ৰোভাৰ সদৃশ যান অৱতৰণ কৰিব বিচাৰে অমিৰশাহিয়ে । ২১১৭ৰ ভিতৰত মংগলত বুনিয়াদ স্থাপন কৰিব বিচাৰে তেওঁলোকে । ২০১৯ত হাজ্জা আল মনছুৰিয়ে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত যায় । তেৱেঁই অমিৰশাহিৰ প্ৰথম মহাকাশচাৰী । ২০২১ত অমিশাহিৰ নোৰাৰ লগতে নাছাত প্ৰশিক্ষণ গ্ৰহণ কৰিব মহম্মদ আল মুল্লাই ।

ডুবাইৰ মহম্মদ বিন ৰছিদ স্পেচ চেণ্টাৰে জনায় যে, নোৰা মেকানিকেল ইঞ্জিনিয়াৰ । চাৰি হেজাৰ তিনিশ আবেদনকাৰীৰ ভিতৰত বিজ্ঞানত দক্ষতা, বাস্তৱ অভিজ্ঞতা, শাৰীৰিক, মানসিক আৰু মেডিকেল পৰীক্ষণৰ পাছত তেওঁৰ বাছনি কৰা হৈছে ।

নোৰাই টুইট কৰে, ‘দেশে মোক অবিস্মৰণীয় অভিজ্ঞতাৰ অংশ হ’বলৈ সুযোগ প্ৰদান কৰিলে । মই দেশবাসীৰ মনত চিৰস্থায়ী হ’ব পৰাকৈ কৃতিত্ব অৰ্জন কৰাৰ চেষ্টা কৰিম । তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছো ।’

Exit mobile version