প্ৰিন্স ফিলিপৰ শেষকৃত্যত পুনৰ পৰিয়ালৰ স’তে একত্ৰিত হ’ব ৰাজকীয় পৰিচয় পৰিত্যাগ কৰা প্ৰিন্স হেৰী

prince philip duke of edinburgh attends a ceremony to mark news photo 1618070322

ৰাজকীয় পৰিচয় পৰিত্যাগ কৰা বিগত বছৰৰ মাৰ্চত বাকিংহামৰ পৰা নিজকে বিচ্ছিন্ন কৰিছিল ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেগানে । প্ৰিন্স ফিলিপৰ শেষকৃত্যত পুনৰ পৰিয়ালৰ স’তে একত্ৰিত হ’ব প্ৰিন্স হেৰী । ব্ৰিটিছ ৰাজপ্ৰসাদে জনাইছে যে শাৰীৰিক কাৰণত প্ৰিন্স হেৰীৰ পত্নী মেগান ফিলিপৰ শেষকৃত্যত উপস্থিত থাকিব নোৱাৰিব।

অহা ১৭ এপ্ৰিলত স্থানীয় সময় অনুসৰি আবেলি তিনি বজাত ৱিন্সৰ কেচেলৰ ছেইণ্ট জৰ্জ চ্যাপেলত ফিলিপৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। দেওবাৰে প্ৰাসাদৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হয় যে কৰ’না মহামাৰীৰ বাবে সকলো প্ৰতিবন্ধকতা অনুসৰি ফিলিপৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

শেষকৃত্য ৰাজকীয় সন্মানত সম্পন্ন কৰা হ’ব। ইয়াত ব্ৰিটেইনৰ লোকসকল অন্তৰ্ভুক্ত নহয়। অনুষ্ঠানটোত ফিলিপৰ ওচৰত থাকিব ৩০ জন লোক । প্ৰাসাদে কয় যে মেগান গৰ্ভৱতী । তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ কথা বিবেচনা কৰি, চিকিৎসকে তেওঁক কেলিফনিয়াৰ পৰা ব্ৰিটেইনলৈ ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়ে।

মেগানৰ মানসিক উৎপীড়নকে ধৰি কে’বাটাও অভিযোগ উত্থাপন কৰাৰ পিছত হেৰী বাকিংহামৰ পৰা পৃথক হয়। তেওঁ পুনৰ তেওঁৰ পৰিয়ালৰ স’তে ফিলিপৰ অন্ত্যেষ্টিক্ৰিয়াত একেলগে থাকিব।

Exit mobile version