বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক অৰিয়ানৰ নতুন ছবিৰ নায়িকা ‘বুলবুল’

l47020210412101806

তৃপ্তি দিমৰি । যোৱা বছৰ নেটফ্লিক্সৰ ‘বুলবুল’ত তেওঁৰ মুখ্য চৰিত্ৰৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তথ্য অনুসৰি তেওঁক এইবাৰ কাৰ্তিক অৰিয়ানৰ বিপৰীতে দেখা পোৱাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

শৰণ শৰ্মাৰ দ্বাৰা পৰিচালিত ছবিখনত কাৰ্তিকে এজন ক্ৰিকেটাৰৰ চৰিত্ৰত অভিনয় কৰিব।চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ এই বছৰৰ শেষৰ ফালে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি কাৰ্তিকে ছবিখনত তেওঁৰ চৰিত্ৰটোৰ বাবে প্ৰশিক্ষণ কামো আৰম্ভ কৰিব ।

বৰ্তমান কাৰ্তিক ‘ভুল ভুলআয়া ২’ৰ কামত ব্যস্ত।অতীতত গুঞ্জন চাক্সেনা: দ্য কাৰ্গিল গাৰ্ল’ শৰণ শৰ্মাই পৰিচালনা কৰিছিল। এইবাৰ কাৰ্তিক আৰু তৃপ্তিৰ স’তে কাম কৰাৰ আৰু বলীউডক এটা নতুন যোৰ উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছে শৰ্মাই ।

‘বুলবুল’ৰ উপৰিও, তৃপ্তিক ২০১৮ চনত ‘লায়লা মজনু’ত দেখা পোৱা গৈছিল। তাৰ পাছত তেওঁ দীর্ঘদিন কাম পোৱা নাছিল। বুলবুলত অভিনয় কৰাৰ পাছত, অভিনেত্ৰীগৰাকীৰ অৱশেষত ভাগ্যৰ চকৰি ঘূৰাবলৈ আৰম্ভ কৰে । কাৰ্তিকৰ স’তে এই ছবিখনে আৰু সলনি কৰি দিব তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ ।

Exit mobile version