চত্তিছগড়ত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে কাহিল অৱস্থাৰ সৃষ্টি কৰিছে । বিগত কে’বাদিন ধৰি ৰাজ্যখনত দৈনিক গড়ে ১০ হেজাৰৰ অধিক লােক এই ভাইৰাছত সংক্রমিত হৈ আহিছে ।
তদুপৰি প্ৰতিদিনে বর্তমানে ৰাজ্যখনত ক’ভিডত ৫০-৬০ জন লােকে প্রাণ হেৰুৱাইছে । ক’ভিড ৰােগীৰ মৃত্যুৰ সংখ্যা এইদৰে হঠাতে উর্ধ্বমুখী হােৱাত চিকিৎসালয় আৰু মৃতদেহ সৎকাৰ কৰা স্থানত বিপর্যয়ে দেখা দিছে।
ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ সবাতােকৈ বৃহৎ চৰকাৰী হাস্পতালৰ এক ভিডিঅ’ই শেহতীয়াভাৱে সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে । চহৰখনত থকা ভীমৰাও আম্বেদকাৰ মেমৰিয়েল হাস্পতালৰ মর্গত মৃতদেহ ৰাখিবলৈ স্থানৰ অভাৱ ঘটিছে ।
ক’ভিড ৰােগীৰ মৃতদেহৰ সংখ্যা চিকিৎসালয়খনত ইমানে বৃদ্ধি পাইছে যে উপায়হীন হৈ মৰ্গৰ মজিয়াতে মৃতদেহ দম কৰি ৰাখিব লগা হৈছে । এইদৰে মৰ্গৰ মজিয়াত পেলাই ৰখা মৃতদেহৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে ।
চিকিৎসালয়ত মৃতদেহ মজিয়াতে দম কৰি ৰখাৰ সন্দৰ্ভত ৰায়পুৰৰ প্রধান স্বাস্থ্য বিষয়া মীৰা বাঘেলে কয়, ‘কোনেও ভবা নাছিল যে এবাৰতে ইমান বৃহৎসংখ্যক লােকৰ মৃত্যু হ’ব। সাধাৰণতে যি হাৰত মৃত্যু হয়, তাৰ বাবে প্রয়ােজনীয় শীতলীকৰণ ব্যৱস্থা মর্গত আছে ।
কিন্তু হঠাতে মৃতকৰ সংখ্যা ৫০-৬০ জনলৈ বৃদ্ধি পালে । ইমান কম সময়ৰ ইমানবােৰ মৃতদেহ একেলগে ৰখাৰ ব্যৱস্থা কৰাটো সম্ভৱ নহয় ।