চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল

shutterstock 356921582

দেশত দিনক দিনে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । বাতিল কৰা হ’ল চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা লগতে পিছুৱাই দিয়া হ’ল দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও ।

দেশত ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে কেন্দ্ৰই লৈছে এই সিদ্ধান্ত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে আবেলি শিক্ষা মন্ত্ৰী আৰু সংশ্লিষ্ট বিষয়াসকলৰ স’তে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল’বলৈ এখন বৈঠক অনুষ্ঠিত কৰে। তাতেই এই সিদ্ধান্ত লোৱা হয়।

কিন্তু দ্বাদশ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ৰ পৰা কোনো ঘোষণা কৰা হোৱা নাই যদিও ইয়াক পিছুৱাই দিয়া হৈছে।

শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে এক জুনত পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।

শিক্ষা মন্ত্ৰীয়ে বৈঠকৰ পিছত দশম পৰীক্ষা বাতিল আৰু দ্বাদশ পৰীক্ষা স্থগিত ৰখাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পৰীক্ষা নহ’লেও বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী শ্ৰেণীত উত্তীৰ্ণ হ’ব।

যদি কোনো শিক্ষাৰ্থী আভ্যন্তৰীণ মূল্যায়নত সন্তুষ্ট নহয়, তেওঁ পৰীক্ষাত বহিব পাৰে। কিন্তু ক’ভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত পৰীক্ষা সম্পন্ন কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও বুধবাৰে আবেলিৰ বৈঠকত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল আৰু শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলও উপস্থিত আছিল।

চিবিএছই বৰ্ডৰ পৰীক্ষা মে মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু প্ৰতিদিনে দেশৰ ক’ভিড সংক্ৰমণ বৃদ্ধি পাই আছে।বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এখন ভাল চৰকাৰৰ বাবে শিক্ষাৰ্থীসকল আটাইতকৈ গুৰুত্বপূৰ্ণ ।”

Exit mobile version