দীৰ্ঘদিনৰ পাছত পৰ্দালৈ উভতি আহিছে বলীউডৰ কিং খান

Shahrukh Khan 571 855

‘পাঠান’ ছবিৰ জৰিয়তে দীৰ্ঘদিনৰ পাছত পৰ্দালৈ উভতি আহিছে বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান। ছবিখন আৰম্ভণিৰ পৰাই এতিয়া সকলোৰে মাজত চৰ্চালৈ আহিছে। শ্বাহৰুখ খানৰ বাহিৰেও এই ছবিখনত দীপিকা পাডুকন আৰু জন আব্ৰাহামকো দেখিবলৈ পোৱা যাব।

অৱশ্যে যশ ৰাজ ফিল্মছৰ দ্বাৰা ‘পাঠান’ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। মুম্বাইৰ কে’বাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন মঙলবাৰে ৰাতিপুৱা পোহৰলৈ আহিছিল যে ‘পাঠান’ৰ বহুতো কলাকৌশলী কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

সেয়ে বৰ্তমান অভিনেতা শ্বাহৰুখ খান নিজ গৃহতে কোৱাৰেন্টাইন হৈ আছে। অৱশ্যে ইতিমধ্যে জনা গৈছে যে এনে খবৰৰ কোনো সত্যতা নাই ।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰৰ এক প্ৰতিবেদন অনুসৰি, প্ৰযোজনা প্ৰতিষ্ঠানটোৰ স’তে জড়িত এজন ব্যক্তিয়ে কয়, “পাঠানক যশৰাজ ফিল্মছে অতি সাৱধানতাৰে দৃশ্য গ্ৰহণ কৰি আছে । সকলো কলাকৌশলীক নিয়মীয়াকৈ ক’ভিড পৰীক্ষা কৰা হৈছে। প্ৰতিজন কলাকৌশলীয়ে দুই দিনৰ বিৰতিত কাম কৰি আছে । ইয়াৰ অৰ্থ এইটো নহয় যে শ্বুটিং বন্ধ কৰা হৈছে । সকলো নিয়ম সঠিকভাৱে অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা কৰা হৈছে ।”

Exit mobile version