কৰ’না প্ৰতিষেধক গ্ৰহণৰ পাছত ল’বলগীয়া স্বাস্থ্য যতন

covid 19 vaccination efforts

কৰ’না প্ৰতিষেধক গ্ৰহনৰ পাছত দেখা দিছে বিভিন্ন সমস্যা । সুস্থ হৈ থাকিবলৈ ভেক্সিন গ্ৰহণৰ আগত আৰু পাছত কি খাব কি নাখাব। কোনোৱে কয় যে ভেক্সিন গ্ৰহণ কৰাৰ পিছত, শৰীৰত পৰ্যাপ্ত প্ৰ’টিন থকাটো নিশ্চিত কৰিবলৈ যত্ন লোৱা উচিত। আন কিছুমানে কয় যে এই সময়ত শৰীৰটো হাইড্ৰেটেড ৰাখিব লাগে। গতিকে ভেক্সিন গ্ৰহনৰ আগতে আৰু পিছত ঠিক কি খাব লাগে চাওঁ আহক।

দেশৰ বহুতো লোকে ইতিমধ্যে কৰ’না প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু বহুতে ভেক্সিন লোৱাৰ পৰিকল্পনা কৰি আছে। কিন্তু ভেক্সিনটোৰ কি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে তাক লৈ বহুতে আকৌ যথেষ্ট চিন্তিত। শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ পানীৰ কোনো বিকল্প নিশ্চিতভাৱে নাই। গতিকে পৰ্যাপ্ত পানী খাওক। পাৰ্শ্বক্ৰিয়া পৰিহাৰ কৰিবলৈ পৰ্যাপ্ত ফল খাব লাগে।

ভেক্সিন গ্ৰহণ কৰাৰ পিছত, কাৰোবাৰ জ্বৰ, ভাগৰ, শৰীৰত বিষৰ পাৰ্শ্বক্ৰিয়া হয়। গতিকে হাইড্ৰেটেড হৈ থকাটো গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে ভেক্সিন গ্ৰহণৰ পাছত সুৰাপান পৰিহাৰ কৰিব লাগে। লগতে গৱেষণাই কৈছে যে সুৰাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।

ব্ৰিটিছ আলোচনী আৰু পুষ্টি অনুসৰি, স্বাস্থ্যকৰ খাদ্য খাব। ক’ভিড ভেক্সিন গ্ৰহণ কৰাৰ পাছত আঁহ সমৃদ্ধ শস্য খাব। প্ৰতিষেধক গ্ৰহণৰ কৰাৰ পাছত সংসাধিত খাদ্য বা চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে । আঁহ থকা খাদ্য খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। সেয়েহে টিকাকৰণৰ আগতে আৰু পিছত ভালদৰে আঁহ যুক্ত খাদ্য খাব। মিশ্ৰিত শৰ্কৰা থকা খাদ্য পৰিহাৰ কৰিব কিয়নো সেইবোৰে উদ্বেগ বৃদ্ধি কৰে আৰু টোপনি ব্যাহত কৰে।

কিন্তু ক’ভিড ভেক্সিন গ্ৰহণ কৰাৰ আগতে আৰু পিছত নিয়মীয়াকৈ খাব। দৈনিক আহাৰ বাদ নিদিব। কাৰণ প্ৰতিষেধ গ্ৰহনৰ পাছত বহুলোক মূৰ্চ্ছা যোৱা দেখিবলৈ পোৱা যায়। স্বাস্থ্যকৰ খাদ্য খাই এই সমস্যাটো বহুত পৰিহাৰ কৰা সম্ভৱ। গতিকে পৰ্যাপ্ত খাদ্য খাওক।

Exit mobile version