আইচিএছ‌ই, আইএছচিৰ পৰীক্ষা বাতিল

শিক্ষাৰ্থীসকলৰ স্বাস্থ্য চৰকাৰৰ বাবে অধিক গুৰুত্বপূৰ্ণঃ নৰেন্দ্ৰ মোদী

classroom

পিছুৱাই দিয়া হ’ল আইচিএছ‌ই আৰু আইএছচি পৰীক্ষা । ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবেই এই সিদ্ধান্ত কেন্দ্ৰৰ । পিছুৱাই দিয়া হ’ল দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । জুনৰ প্ৰথম সপ্তাহত পৰীক্ষাতৰ নতুন সূচীৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

বোৰ্ডৰ এক বিবৃতিত প্ৰকাশ কৰা হৈছে, ‘সম্প্ৰতি ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । পৰিস্থিতিৰ ওপৰত পৰ্যৱেক্ষণ কৰি থকা হৈছে । পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব জুনৰ প্ৰথম সপ্তাহত ।’

যোৱা বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালসহ সংশ্লিষ্ট অধিকাৰীসকলৰ স’তে আলোচনাত মিলিত হৈছিল । সেই বৈঠকতে চিবিএছচি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সম্প্ৰতি দ্বাদশ পৰীক্ষা স্থগিত কৰা হয় যদিও কেতিয়ালৈ অনুষ্ঠিত কৰা হ’ব, সেই বিষয়ে কোনো ঘোষণা কৰা নাই মন্ত্ৰণালয়ে ।

এক জুনত পৰিস্থিতি পৰ্যালোচনা কৰি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰে জনোৱা হয় যে, আইচিএছ‌ই আৰু আইএছচি পৰীক্ষাৰ দিন ঘোষণা কৰা হ’ব জুনৰ প্ৰথম সপ্তাহত ।

শিক্ষামন্ত্ৰী পোখৰেয়ালে জনায় যে, পৰীক্ষা অনুষ্ঠিত নহ’লেও দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিতে পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰা হ’ব । কোনো ছাত্ৰ বা ছাত্ৰীয়ে আভ্যন্তৰীণ মূল্যায়নত সন্তুষ্ট নহ’লে পৰীক্ষাত বহিব পাৰিব । অৱশ্যে ক’ভিড পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছতহে এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ।

শুকুৰবাৰৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘শিক্ষাৰ্থীসকলৰ স্বাস্থ্য চৰকাৰৰ বাবে অধিক গুৰুত্বপূৰ্ণ ।’

Exit mobile version