ক’ভিডৰ পুৰণি ধাৰণা নস্যাৎ কৰি লেনছেটৰ নতুন ধাৰণা

কৰ'নাৰ জীৱণু বায়ুত প্ৰবাহিত

1618434242 933

ক’ভিড-১৯ৰ বাবে দায়ী চাৰ্ছ-ক’ভ-২ ভাইৰাছ বায়ুবাহিত নহয় বুলি জনোৱা দাবীক নস্যাৎ কৰি এটা ৰিপ’ৰ্ট প্ৰকাশ কৰিলে আন্তৰ্জাতিক জাৰ্নেল ‘লেনছেটে’ । ৰিপ’ৰ্টত প্ৰকাশ কৰা হৈছে যে এই জীৱণু বায়ুত প্ৰবাহিত ।‌ ইয়াৰ একাধিক প্ৰমাণো লাভ কৰিছে বিজ্ঞানীসকলে । এই দাবী প্ৰমাণিত হ’লে ক’ভিড সুৰক্ষা বিধিটো বহু পৰিৱৰ্তন আহিব পাৰে বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

আমেৰিকা, ব্ৰিটেইন আৰু কানাডাৰ ছয় গৰাকী গৱেষক জড়িত হৈ আছে এই গৱেষণাৰ স’তে । অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক আৰু এই দলৰ মুখ্য ট্ৰীছা গ্ৰীণহলে জনায় যে, তেওঁলোকে এই দাবী জনোৱাৰ অন্ততঃ ১০টা কাৰণ আছে । বিভিন্ন ধৰণৰ পৰিৱেশত ক’ভিডৰ সংক্ৰমণ পৰীক্ষা কৰি তেওঁলোকৰ সিদ্ধান্ত, কৰ’নাৰ জীৱাণু সংক্ৰমণ হ’বলৈ কেৱল বতাহেই যথেষ্ট । বৈ যোৱা জলকণা বা ড্ৰপলেটছৰ মাধ্যমত কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাৰ সপক্ষে তেওঁলোকে যথেষ্ট প্ৰমাণ পোৱা নাই ।

গৱেষণাত তেওঁলোকে পায় যে, এনে কিছুমান পৰিৱেশত ক’ভিডৰ সংক্ৰমণ হৈছে য’ত বোৱতী জলকণাত সংক্ৰমণ হোৱাৰ আশংকাই নাই । কেৱল বায়ু চলাচলৰ মাধ্যমতে ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে ‌। হাস্পতালতো বহু সংখ্যক স্বাস্থ্যকৰ্মীয়ে যথাযথ স্বাস্থ্যবিধি মানি চলিও, পৰ্যাপ্ত সাৱধানতা গ্ৰহণ কৰিও কৰ’নাত আক্ৰান্ত হৈছে । ভাইৰাছটো কেৱল পানীৰ মাধ্যমেৰে সংক্ৰমিত হ’লে এনে নহ’ল হয় বুলি দাবী জনায় গৱেষকসকলে । বায়ুত প্ৰবাহিত হোৱাৰ বাবেই অধিক সংক্ৰমণ হোৱাৰ বুলি মত প্ৰকাশ কৰে তেওঁলোকে ।

এই সিদ্ধান্ত দিবলৈ পলম হোৱাৰ কাৰণ দৰ্শাই গৱেষক দলে জনায় যে, জীৱণু বায়ুত প্ৰবাহিত হয় নে নহয় সেয়া পৰীক্ষা কৰা কঠিন আৰু সময় সাপেক্ষ । প্ৰচুৰ পৰিমাণে নমুনা পৰীক্ষণ কৰিবলগীয়া হয় । ইমান দিনে বিজ্ঞানীসকলৰ হাতত পৰ্যাপ্ত পৰিমাণৰ নমুনা নাছিল ।

এই দাবী সত্য প্ৰমাণিত হ’লে ক’ভিডৰ সুৰক্ষা বিধিত আহিবলগীয়া পৰিৱৰ্তনৰ বিষয়ে একাংশ বিশেষজ্ঞই কয় যে, মাস্ক পৰিধানৰ ধৰণ পৰিৱৰ্তন হ’ব পাৰে । সাধাৰণতে ঘৰৰ বাহিৰত ওলালে সকলোৱে মাস্ক পৰিধান কৰে । কিন্তু জীৱণু বায়ুত প্ৰবাহিত হ’লে ২৪ ঘণ্টাই মাস্ক পৰিধান কৰি থাকিবলগীয়া হ’ব পাৰে । কাম কৰা সময়ৰ লগতে শুই থকাৰ সময়তো মাস্ক পৰিধান কৰিবলগীয়া হ’ব পাৰে ।

Exit mobile version