ব্ৰিটিছ অভিনেত্ৰী হেলেনৰ দেহাৱসান

helen mccrory

মাত্ৰ ৫২ বছৰতে মৃত্যু বৰণ কৰে ব্ৰিটিছ অভিনেত্ৰী হেলেন ম্যাকক্ৰোৰি ।অভিনেত্ৰীগৰাকী আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত । শুক্ৰবাৰে আকস্মিক মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ । বিখ্যাত টেলিভিছন চিৰিজ ‘পিকি ব্লাইণ্ডাৰ্ছ’ত আণ্ট পলীৰ চৰিত্ৰত অভিনয় কৰিছিল হেলেনে ।

ADVERTISEMENT

অভিনেত্ৰীগৰাকীয়ে ‘নাৰ্চিচা ম্যালফয়’ৰ মাতৃ অৰ্থাৎ ‘হেৰী পটাৰ’ৰ কে’বাটাও অংশত ড্ৰেকো ম্যালফিৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। ২০১২ চনত অভিনেত্ৰীগৰাকীক ‘স্কাইফল’ত দেখা গৈছিল।

হেলেনৰ স্বামী ড্যামিয়েন লুইছে টুইটাৰৰ জৰিয়তে তেওঁৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছে। তেওঁ কয় যে কৰ্কট ৰোগৰ স’তে দীঘলীয়া যুঁজৰ পিছত হেলেনে ঘৰত শেষ নিশ্বাস ত্যাগ কৰে। জীৱনৰ শেষ মুহূৰ্তত তেওঁক বন্ধু আৰু আত্মীয়সকলে তেওঁৰ কাষত আছিল ।

হেলেনৰ স্বামী ড্যামিয়েনও পেছাত এজন অভিনেতা। তেওঁলোকে ২০০৭ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তানো আছে। জীয়ৰী ম্যানন আৰু পুত্ৰ গ্যালিভাৰ।

অভিনেত্ৰীগৰাকীৰ মৃত্যুত এতিয়া সকলোৱে শোক প্ৰকাশ কৰিছে। বহুতো তাৰকাই টুইটাৰৰ জৰিয়তে তেওঁলোকৰ সমবেদনা প্ৰকাশ কৰিছে।

Exit mobile version