সংক্ৰমণ ৰোধ কৰিবলৈ অন্ততঃ দুই মাহ বন্ধ স্থানত জনসমাগম নিষিদ্ধ কৰাৰ প্ৰস্তাৱ ক’ভিড টাস্ক ফ’ৰ্ছৰ

photo

ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ হাৰ । বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা দুই লাখ ৩৮ হেজাৰ । এনে পৰিস্থিতিত প্ৰায় দুই মাহ বন্ধ স্থানত জনসমাগম নহ’বলৈ প্ৰস্তাৱ দিলে লেনছেট ক’ভিড-১৯ কমিচনৰ ইণ্ডিয়া টাস্ক ফ’ৰ্ছে । এনেদৰেই ক’ভিড সংক্ৰমণ ৰোধ কৰা সম্ভৱ হ’ব বুলি দাবী কৰে তেওঁলোকে ।

ৰিপ’ৰ্টত প্ৰকাশ কৰা হৈছে, ‘আমি বন্ধ স্থানত জনসমাগম নিষিদ্ধ কৰাটো বিচাৰো । প্ৰায় দুমাহ যাতে কোনো বন্ধ স্থানত ১০ জনতকৈ অধিক লোক সমবেত নহয় । আমি বিশ্বাস কৰো যে, ইয়াৰ বাহিৰে সংক্ৰমণ আৰু মৃত্যু ৰোধ কৰা অন্য কোনো উপায় নাই ।’

লগতে, সকলো ধৰণৰ ৰাজনৈতিক, ধৰ্মীয় আৰু সামাজিক সমাৱেশ বন্ধ ৰখাৰ প্ৰস্তাৱ দিয়ে তেওঁলোকে । সম্প্ৰতি জনসমাগম হোৱা স্থানৰ পৰা উভতা লোকসকলৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । কুম্ভ মেলাত হোৱা জনসমাগমক লৈও আৰম্ভ হৈছে সমালোচনা । এনেধৰণৰ জনসমাগমৰ পৰা দ্ৰুত সংক্ৰমণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে তেওঁলোকে ।

Exit mobile version