সুশান্তৰ পৰিয়ালৰ অপূৰণীয় ক্ষতিক নিজৰ স্বাৰ্থত শোষণ কৰিছে বুলি দাবী প্ৰয়াত অভিনেতা সুশান্ত সিঙৰ ভগ্নীৰ

jpg 3

কিছুমান লোকে সুশান্তৰ পৰিয়ালৰ অপূৰণীয় ক্ষতিক নিজৰ স্বাৰ্থত শোষণ কৰি আছে বুলি দাবী প্ৰয়াত অভিনেতা সুশান্তৰ ভগ্নীৰ ।

প্ৰিয়ংকা সিঙে শুক্ৰবাৰে সন্ধিয়া তেওঁৰ টুইটাৰত এটা দীঘলীয়া পোষ্ট প’ষ্ট কৰে। তেওঁ আঙুলি তুলিছে ‘ন্যায়া: দ্য জাষ্টিছ’ৰ নিৰ্মাতাসকলৰ ফালে ।

নতুন ছবিখনৰ ট্ৰেইলাৰ তিনিদিনৰ পূৰ্বেই মুক্তি দিয়া হয়। তাতেই স্পষ্ট যে ছবিখন সুশান্ত সিং ৰাজপুতৰ নাম নোলোৱাকৈয়ে তেওঁৰ মৃত্যুৰ ঘটনাক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে। সাদৃশ্য আছে গোটেই ঘটনা। এজন অভিনেতাৰ আত্মহত্যাৰ খবৰ পোৱা গৈছে ।

তাৰ পাছত দেখা পোৱা গৈছে ফেনত ওলমি থকা সেউজীয়া কাপোৰ । সুশান্তৰ মৃত্যুৰ পাছত ভাইৰেল হোৱা ছবিৰ দৰে দৃশ্যও আছে। ট্ৰেইলাৰত অভিনেতাজনৰ প্ৰেমিক, মৃত্যুৰ প্ৰকৃত কাৰণ, ড্ৰাগৰ অপব্যৱহাৰৰ বিষয়েও কোৱা হৈছে।

সুশান্তৰ ভগ্নী প্ৰিয়ংকাই ট্ৰেইলাৰটো গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ অভিযোগ কৰে, “যি মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক ক্ষতি আমাৰ হৈছে সেইয়া দেশৰ সামূহিক চেতনাক আঘাত কৰিছে। আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয়জন এতিয়া নাই আৰু কিছুমান মানুহে সেই ঘটনাটো নিজৰ কাৰণে ব্যৱহাৰ কৰি আছে। মই ইয়াক অমানৱীয়ৰ বাহিৰে আৰু কি বুলি ক’ব পাৰোঁ? তেওঁলোক অপৰাধী ।’

প্ৰিয়ংকাৰ মতে, তেওঁলোকৰ ব্যক্তিগত স্থান বেদখল কৰাৰ চেষ্টা কৰা হৈছে। আৰু সেইকাৰণে তেওঁ টুইটাৰত ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ ভাবুকি দিছে।

Exit mobile version