হােৱাইট হাউছ ত্যাগ কৰিবলৈ বাধ্য হ’ল বাইডেনৰ পােষ্য মেজৰে

major biden c99981aa7dabcc705682feacacae43a7159a669a

আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ পােষ্য কুকুৰ ‘মেজৰ’-এ অৱশেষত হােৱাইট হাউছ ত্যাগ কৰিবলৈ বাধ্য হ’ল ।আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে বাইডেনে হােৱাইট হাউছত প্রৱেশ কৰাৰ পাছৰে পৰা এই সময়ছােৱাত মেজৰে দুজন লােকক আক্রমণ কৰি আঘাত হানিলে।

হােৱাইট হাউছৰ দুজন কর্মচাৰীক কামুৰি আঘাতপ্রাপ্ত কৰা বাইডেনৰ ত্ৰাসত মার্কিন ৰাষ্ট্ৰপতিৰ বাসগৃহত কর্মচাৰীসকলে মুক্তভাৱে চলাচল কৰিবলৈ শংকা প্রকাশ কৰা হৈছিল। পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মেজৰক পুনৰ প্রশিক্ষণ প্রদানৰ বাবে গৰাকী বাইডেনে প্রশিক্ষকৰ কাষলৈ প্ৰেৰণৰ সিদ্ধান্ত ল’লে।

এই কাৰণতে সাময়িকভাৱে হােৱাইট হাউছ ত্যাগ কৰিলে বাইডেনৰ এই পােষ্যই। উল্লেখ্য যে বাইডেনৰ দুটাকৈ পােহনীয়া কুকুৰ আছে। মেজৰ যথেষ্ট উগ্র স্বভাৱৰ যদিও বাইডেনৰ আনটো পােষ্য কুকুৰ আকাৰত মেজৰতকৈ ডাঙৰ হ’লেও যথেষ্ট বাধ্য আৰু শান্ত প্রকৃতি।

Exit mobile version