ইমিউনিটি বুষ্টাৰ নহৰুৰ চাটনিত আছে লাভ, চাওক এই ৰেছিপি

70173931

বিশেষজ্ঞসকলৰ মতে, ভাইৰাছৰ স’তে যুঁজিবলৈ সক্ষম টি-কোষৰ পৰিমাণ বৃদ্ধি কৰাত নহৰু উপযোগী। ক্লিনিকেল নিউট্ৰিচন আলোচনীত ফ্লৰিডা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, পুৰণি নহৰুৰ ৰসে চৰ্দি আৰু ফ্লু দ্ৰুততাৰে আৰোগ্য কৰিব পাৰে। যিকোনো প্ৰকাৰে নহৰু খাব পাৰে যদিও কিন্তু কেঁচা নহৰু অধিক উপযোগী। কিন্তু যদি আপুনি কেঁচা নহৰু খাব নোৱাৰে, আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক চাটনি চেষ্টা কৰিব পাৰে।

ADVERTISEMENT

উপাদান

এটা বিলাহী

চাৰিটা লং নহৰু

এটা সেউজীয়া জলকীয়া

১/২ চামুচ সৰিয়হতেল

আন্দাজ মতে নিমখ

আন্দাজ মতে চেনী

বিলাহী, নহৰু আৰু সেউজীয়া জলকীয়া সামান্য বেক কৰক। সৰিয়হৰ তেল, নিমখ, চেনী মিহলি কৰক। ইয়াক আলু পৰাঠা, খিছিৰি, দাইল-চাউল, ,পোহা বা পাস্তাৰ স’তে খাব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়াত ঘৰুৱা প্ৰতিকাৰ থাকিলেও ঔষধ গ্ৰহণ বন্ধ নকৰিব আৰু অধিক পৰিমাণত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কোনো উপায় ব্যৱহাৰ নকৰিব।

Exit mobile version