উদাং শ্ৰিনি আলাৰি প্ৰেম সিং ব্ৰহ্মৰ ১৫ সংখ্যক মৃত্যু তিথি

বিগত ১৫ টা বছৰেই অৱহেলিত বড়োসকলৰ মুক্তিৰ চাকি খ্যাত প্ৰেম সিং ব্ৰহ্মৰ সমাধিঃ উৰ্খাউ গৌৰা ব্ৰহ্ম

IMG 20210418 WA0006

আজি ঢালিগাঁও স্থিত সমাধিক্ষেত্ৰত বড়ো জনগোষ্ঠীৰ মুক্তিৰ চাকি (উদাং শ্ৰিনি আলাৰি) প্ৰেম সিং ব্ৰহ্মৰ ১৫ সংখ্যক মৃত্যু তিথি উদযাপন কৰে। প্ৰয়াত প্ৰেম সিং ব্ৰহ্মৰ সহ ধৰ্মিনী সুপ্ৰিয়াৰাণী ব্ৰহ্মই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰম্ভ কৰে ।

ADVERTISEMENT

বড়ো সাহিত্যসভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি সভাত বিটিআৰৰ কে’বাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰি ভাষণ দিয়ে। ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌৰা ব্ৰহ্মই কয় যে, যোৱা ১৪-১৫ টা বছৰে অৱহেলিত হৈ আছে প্ৰেমসিং ব্ৰহ্মৰ সমাধিক্ষেত্ৰ ।

তেওঁ কয় যে, পূৰ্বতে কি হৈছে সেয়া নকওঁ এতিয়া আমি চৰকাৰীভাৱে যিখিনি কৰিবলগীয়া সেয়া কৰি যাম । বড়োৰ যিমানবোৰ জাতীয় আন্দোলন আছিল সেয়া প্ৰেম সিং ব্ৰহ্মই সংগঠিত কৰা আছিল । তেওঁক উপেক্ষা কৰি বড়ো আন্দোলন শূণ্য হ’ব। বড়োসকলৰ ইতিহাস শূণ্য হ’ব বুলিও কয় ব্ৰহ্মই।

দীৰ্ঘদিনীয়া বড়ো আন্দোলনৰ অন্তত প্ৰথমটো বড়ো চুক্তি অনুসৰি বিএচি গঠন হৈছিল আৰু তাৰ দ্বিতীয়জন মুখ্য কাৰ্য্যবাহী সদস্যৰ পদতো অধিষ্ঠিত হৈছিল প্ৰেমসিং ব্ৰহ্ম । মুঠতে বড়োসকলৰ মুক্তিৰ চাকিৰ দৰেই কাম কৰিছিল প্ৰেম সিং ব্ৰহ্মই। সেয়ে মৃত্যুৰ পাছত তেওঁক মুক্তিৰ চাকি(উদাং শ্ৰিনি আলাৰী) উপাধিৰে সম্বোধন কৰা হয় ।

আজি তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীসহ তেওঁৰ বহু সংখ্যক গুণমুগ্ধ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি দিয়ে।

যোৱা ২০১৭-১৮ তে ব্ৰঞ্জৰ প্ৰতিমুৰ্তি স্থাপনৰ আধাৰশীলা স্থাপন কৰিছিল বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে যদিও আজিও সেই কাম সম্পূৰ্ণ নহ’ল । সমাধিক্ষেত্ৰত বাগিছা, অতিথিশালা আদি হোৱাৰ কথা আছিল যদিও এটাও নহ’ল বৰঞ্চ অৱহেলিত হৈ থকাহে পৰিলক্ষিত হ’ল । এতিয়া ট্ৰাষ্টে সেই কাম কৰিব বুলিও জনায় তেওঁৰ সহধৰ্মীনি সুপ্ৰিয়া ৰাণী ব্ৰহ্মই। বিটিচিৰ পৰিষদীয় চৰকাৰে এই ক্ষেত্ৰত কাম কৰিব বুলিও আশা প্ৰকাশ কৰে ।

Exit mobile version